জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই নিষিদ্ধ সন্ত্রাসবাদী সংস্থাৰ লগত সক্ৰিয়ভাৱে জড়িত থকাৰ অভিযোগত ৫ গৰাকী চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ নিৰ্দেশ দিছে। আকাশবাণী জম্মুৰ সংবাদদাতাৰ আগত শ্রীসিনহাই জনায় যে, নিলম্বিত কৰ্মচাৰীসকলৰ ভিতৰত এজন চৰকাৰী শিক্ষক, এজন লেবৰেটৰি টেকনিচিয়ান, এজন সহকাৰী লাইনমেন, এজন বন বিভাগৰ কৰ্মচাৰী আৰু স্বাস্থ্য আৰু চিকিৎসা বিভাগৰ এজন গাড়ীচালক আছে।