June 18, 2025 1:11 PM | CM-AMSU Meet

printer

সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি মৰাণ জনজাতীয় কেইবাটাও সংগঠনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ

অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি মৰাণ জনজাতীয় কেইবাটাও সংগঠনে কালি ডিব্ৰুগড়ৰ অসম সচিবালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি জনগোষ্ঠীটোৰ বহুকেইটা দাবী উপস্থাপন কৰে । সংগঠনকেইটাই মৰাণ জনজাতিক জনজাতিকৰণৰ মৰ্যাদা প্রদান, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, অৰুণাচল প্ৰদেশত বাস কৰা মৰাণসকলৰ সমস্যাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে। তেওঁলোকে লগতে তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি গাঁৱৰ পানীত পৰি মৃত্যু হোৱা সুমন মৰাণ নামৰ যুৱকগৰাকীৰ পৰিয়াললৈ এককালীন আর্থিক সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায়। ৬০ শর্মাই এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দৰিদ্ৰ পৰিয়ালটোলৈ ৫ লাখ টকাৰ আর্থিক সাহায্য আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে কালি এখন সংবাদমেলত মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কেৱল মৰাণ জনজাতীয় ভোটাৰ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কেৱল মটক জনজাতীয় ভোটাবেহে ভোটদান কৰিব পাৰিব বুলি উল্লেখ কৰে। তেওঁ কয়, যে প্ৰতিটো সম্প্ৰদায়ৰ মাজত বুজাবুজি আৰু সমন্বয় অক্ষুণ্ণ ৰখাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।