■ সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কালি ডিব্ৰুগড় জিলাৰ বকপাৰাত অনুষ্ঠিত হয়। এই সন্মিলনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মটক জনগোষ্ঠীৰ অৱদান অপৰিসীম বুলি উল্লেখ কৰে।
প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানত মটক জনগোষ্ঠীৰ কেইবাগৰাকীও নেতা আৰু ভালেসংখ্যক লোক উপস্থিত
মন্ত্ৰীগৰাকী কালি ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত অধ্যাপিকা জ্যোতি বৰগোহাঁইৰ জ্যোতিস্নাতা শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী সভাত উপস্থিত থাকে।

গ্রন্থখন উন্মোচন কৰি পঢ়ুৱৈৰ মাজত গ্ৰন্থখনে সমাদৰ লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। কালি লাচিত দিৱসৰ প্ৰাসংগিকতা দোহাৰি শ্ৰীসোণোৱালে কয়, যে একাগ্রতা, দৃঢ়তা, মনোবল, সাহসিকতা আৰু দেশপ্ৰেমৰ অনুভূতিৰে নিজক গঢ়িবলৈ হ’লে সকলোৱে লাচিতৰ আদৰ্শেৰে উদ্বুদ্ধ হ’ব লাগিব। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি জীৱনত সফলতা অৰ্জনৰ বাবে কোনো চমু পথ নাই বুলি তেওঁ উল্লেখ কৰে।