সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা শীৰ্ষক পদক্ষেপৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ৪০ গৰাকী পৰীক্ষাৰ্থীক নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব। ইয়াৰ ভিতৰত অসমৰ পৰা ২৬ গৰাকী পৰীক্ষাৰ্থী বাচি উলিওৱা হ’ব। দিল্লীৰ বচা বচা প্ৰতিষ্ঠানত তেওঁলোকক এই পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰা হ’ব। ইচ্ছুক ছাত্র-ছাত্রীসকলে কাইলৈৰ পৰা ৪ আগষ্টলৈ www.aasu.org.in ৱেবছাইটৰ যোগে আবেদন কৰিব পাৰিব। অহা ১০ আগষ্টত গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত বাছনি পৰীক্ষা অনুষ্ঠিত হ’ব। বাছনি পৰীক্ষাত উত্তীর্ণসকলে মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। পৰীক্ষাৰ্থীসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰস্তুতিৰ ব্যৱস্থা কৰাৰ উপৰি তেওঁলোকক মাহিলী জলপানিও প্ৰদান কৰা হ’ব।
Site Admin | July 25, 2025 8:30 PM | AASU steps
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা শীৰ্ষক পদক্ষেপ
