ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিলৈ সদৌ অসম সত্ৰ মহাসভাৰ বিভিন্ন বঁটা

সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ সদৌ অসম সত্ৰ মহাসভাই বিভিন্ন বঁটা আগবঢ়াইছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মহাসভাৰ নেতৃবৃন্দই কয় যে, মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীক সত্ৰ বৈভৱ বঁটা, মাজুলীৰ শ্ৰীশ্ৰীগড়মুৰ সত্ৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীলৈ সত্ৰ সৌৰভ বঁটা, নৃত্যাচাৰ্য যতীন গোস্বামীলৈ আন্তঃৰাষ্ট্ৰীয় সত্ৰীয়া শিল্পী বঁটা, মঙলদৈৰ সত্ৰীয়া শিল্পী ভানু ডেকা চহৰীয়া আৰু জাগীৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সত্ৰীয়া শিল্পী খগেন শৰ্মালৈ ৰাষ্ট্ৰীয় সত্ৰীয়া শিল্পী বঁটা, যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ পবিত্র প্রাণ গোস্বামী আৰু নগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপিকা ড০ কৰৱী দেৱীলৈ ৰাজ্যিক সত্ৰীয়া সংগীত শিল্পী বঁটা আগবঢ়োৱা হ’ব। অহা ১৫ নৱেম্বৰত গোলাঘাটত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসত বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি সত্ৰ মহাসভাৰ নেতৃবৃন্দই সংবাদমেলত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।