■ নতুন দিল্লীৰ সংসদ ভৱন চৌহদত আজি এন ডি এৰ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা আৰু এন ডি এৰ সাংসদসকল উপস্থিত থাকে। বৈঠকত প্রধানমন্ত্রী মোদীক সাংসদসকলে অপাৰেচন সিন্দূৰ আৰু অপাৰেচন মহাদেৱৰ সাফল্যৰ বাবে সম্বৰ্ধনা জনায়। এই অভিযানসমূহৰ সাফল্যৰ সন্দৰ্ভত এন ডি এৰ সাংসদসকলে সৰ্বসন্মতভাৱে এটা প্ৰস্তাৱ গ্ৰহণ কৰি সশস্ত্ৰ বাহিনীৰ ভূমিকাৰ প্ৰশংসা কৰে। লগতে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণত প্রাণ হেৰুওৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এন ডি এৰ সংসদীয় দলৰ প্ৰস্তাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতুলনীয় নেতৃত্বৰ প্ৰসংশা কৰি কোৱা হয় যে তেওঁৰ নেতৃত্বই সকলো ভাৰতীয়ৰ হৃদয়ত একতা আৰু গৌৰৱৰ ভাব জাগৰিত কৰিবলৈ সমৰ্থ হৈছে। অপাৰেচন সিন্দূৰৰ সময়ত প্রধানমন্ত্ৰীয়ে গ্ৰহণ কৰা প্ৰতিৰক্ষা সংস্কাৰক লৈয়ো বৈঠকত আলোচনা হয়। প্ৰস্তাৱত কোৱা হয়, যে এন ডি এ চৰকাৰে এখন শক্তিশালী, উন্নত আৰু শান্তিপূৰ্ণ বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে।