চৰকাৰে কাইলৈ আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ উভয় সদনত ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন হোৱাতো সুনিশ্চিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায় সহযোগিতা বিচাৰিব। ১৯ ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অধিবেশনৰ সময়ছোৱাত আলোচনা আৰু বিবেচনাৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত উত্থাপন কৰা হ’ব।
Site Admin | November 30, 2025 11:33 AM | All Party Meeting | Parliament House
সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে চৰকাৰৰ সর্বদলীয় বৈঠক আহ্বান