সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে। সাম্প্রতিক ডিজিটেল যুগত ভুৱা বাতৰি আৰু ভুল তথ্যৰ প্ৰসাৰ প্ৰতিহত কৰাটো অতিশয় জৰুৰী হৈ পৰা বুলি তেওঁ মত প্ৰকাশ কৰে। হায়দাবাদৰ ৰামোজী ফিল্ম চিটীত চলিত বৰ্ষৰ ৰামোজী উৎকৃষ্টতা বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠান উদ্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মূল্যবোধ সম্বলিত সাংবাদিকতাৰ ক্ষেত্ৰত সংবাদ-উদ্যোগী প্রয়াত ৰামোজী ৰাওৱে গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্ৰশংসা কৰে। তেওঁৰ স্মৰণত উৎকৃষ্টতা বঁটা প্ৰৱৰ্তন কৰা কাৰ্যৰ বাবে তেওঁ ৰামোজী গোটৰো শলাগ লয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীয়ে ৰামোজী ফিল্ম চিটীক হায়দাবাদৰ চতুৰ্থটো আশ্চর্য বুলি অভিহিত কৰি ইয়াৰ উৎকৰ্ষতা সাধনৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰে ৷ একেদৰে অন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা, প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাইও আজিৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰামোজী ৰাওক ভৱিষ্যত প্ৰজন্মৰ অনুপ্ৰেৰণা বুলি অভিহিত কৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ প্ৰতি তেওঁ আগবঢ়োৱা সেৱাৰ বিষয়ে বহলাই ব্যাখ্যা কৰে। আজিৰ এই অনুষ্ঠানত পল্লৱী ঘোষ, ছাতুপতি প্রসন্ন শ্রী, আকাশ টেণ্ডন, জয়দীপ হাডিকাৰ, মাধৱীলতা, শ্রীকান্ত বোল্লা আৰু আমলা ৰুইয়াক সাংবাদিকতা, কলা-সংস্কৃতি, গ্ৰাম্য উন্নয়ন আৰু বিজ্ঞান আৰু প্ৰযুক্তিকে ধৰি সমাজৰ ভিন ভিন ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ বাবে চলিত বৰ্ষৰ ৰামোজী উৎকৃষ্টতা বঁটাৰে সন্মানিত কৰা হয়। আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিষাণ ৰেড্ডী, কে ৰামমোহন নাইডু আৰু বাণ্ডি সঞ্জয়কে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।