ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ষ্টপ ডায়েৰিয়া ৰাজ্যিক অভিযানৰ অন্তৰ্গত জিলা ভিত্তিক ডায়েৰিয়া প্ৰতিৰোধ সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্যৰ বিভিন্ন ঠাইত আজি ষ্টপ ডায়েৰিয়া ৰাজ্যিক অভিযানৰ অন্তৰ্গত জিলা ভিত্তিক ডায়েৰিয়া প্ৰতিৰোধ সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰা ৰাজ্যিক চিকিৎসালয়ত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালিকা এম এছ লক্ষ্মীপ্রিয়াকে ধৰি অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। শিশুসকলক ডায়েৰিয়াৰ পৰা ৰক্ষা কৰাই হৈছে এই অভিযানৰ মূল লক্ষ্য। এই অভিযানৰ সময়ছোৱাত আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলে গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে অ আৰ এছ, জিংক টেবলেট ইত্যাদিৰ সেৱনৰ প্ৰয়োজনীতা সম্পৰ্কত অৱগত কৰিব।
ডায়েৰিয়া বিৰোধী এই অভিযানৰ অধীনত চিৰাং জিলাৰ বামুণগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰতো আজি দুমহীয়া বিশেষ সজাগতা কাৰ্যসূচী আৰম্ভ কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ চিৰাং জিলাৰ স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত আৰু চিদলী উন্নয়ন খণ্ড প্রাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত আৰম্ভ হোৱা এই সজাগতা অনুষ্ঠানত মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়াগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিষয়াগৰাকীয়ে ৫ বছৰ বয়সৰ তলৰ শিশুসকল এই ৰোগত আক্ৰান্ত হোৱাৰ কাৰণ আৰু লক্ষণ সম্পর্কে বিশদভাৱে আলোচনা কৰাৰ লগতে আক্রান্ত শিশুসকলৰ চিকিৎসা পদ্ধতি সম্পৰ্কেও অৱগত কৰে। একেদৰে বাক্সা জিলাতো জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ডায়েৰিয়া নিৰ্মূলকৰণ সপ্তাহ উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। ১ নম্বৰ কাটলি গাঁও অংগনবাড়ী কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত সভাখনত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক তথা সংবাদ বিশেষজ্ঞ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াকে দৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। হাইলাকান্দি জিলাতো জিলা আয়ুক্তই এছ কে ৰয় জিলা অসামৰিক চিকিৎ‍সালয়ত ডায়েৰিয়া নির্মূল অভিযানৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ৫ বছৰ তলৰ সকলো শিশুক ডায়েৰিয়া ৰোগৰ পৰা ৰক্ষা কৰিবলৈ আশাকর্মীসকলক বিশেষ দায়িত্ব প্ৰদান কৰা হয়।