ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ উদ্বোধন কৰে। নিজৰ ভাষণত শ্রীসিঙে দেশৰ ভৱিষ্যত সুৰক্ষাৰ বাবে ধৰিত্ৰীক সুৰক্ষিত ৰখাৰ প্ৰয়োজনৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতৰ বসুধৈব কুটুম্বকম বাণীৰ প্ৰতি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ কয়, যে ভাৰতবৰ্ষত পৌৰাণিক কালৰে পৰা মানুহৰ লগত সকলো জীৱৰ অস্তিত্ব আৰু অধিকাৰৰ প্ৰতি সজাগ মনোভাৱ আছে। তেওঁ লগতে কৃষি ক্ষেত্ৰত আধুনিকীকৰণৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। উল্লেখযোগ্য যে, তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰদৰ্শনী আৰু যুৱ বিজ্ঞানী তথা শিক্ষার্থী সমাৰোহৰো আয়োজন কৰা হৈছে। এই সন্মিলনৰ এহেজাৰতকৈ অধিক বিশ্বৰ প্ৰতিনিধি সাক্ষী হোৱাৰ লগতে বিশ্বমানৰ বৈজ্ঞানিক আলাপ-আলোচনাৰ এখন মঞ্চ হিচাপে সেৱা আগবঢ়াব বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্র্যালয়ে আশা প্রকাশ কৰিছে। এই সন্মিলনত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰাৰ লগতে কৃষি বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য, আই চি এ আৰৰ উপ-সঞ্চালকপ্রধান, ঔদ্যোগিক প্রতিনিধি আৰু আগশাৰীৰ কৃষি ব্যৱসায়িক উদ্ভাৱকসকলেও অংশগ্ৰহণ কৰিছে। এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ বিষয়বস্তু হৈছে-পৰিবেশৰ সুৰক্ষা আৰু আধুনিক কৃষি খাদ্য ব্যৱস্থা গঢ়ি তোলাৰ বাবে কৃষি বিজ্ঞানৰ পুনৰীক্ষণ। অধিক উৎপাদনক্ষম, জলবায়ু অনুকুল, বহনক্ষম পৰিৱেশ তন্ত্ৰ আৰু সুষম খাদ্য সুৰক্ষা আদি বিষয়সমূহ এই সন্মিলনত আলোকপাত কৰা প্ৰয়াস কৰা হৈছে।