ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ষট পূজা শান্তিপূর্ণভাৱে আৰু নিৰাপদে উদযাপনৰ প্ৰস্তুতি পৰ্যালোচনাৰে ডিফু আৱৰ্ত ভৱনত বৈঠক

সমাগত ষট পূজা শান্তিপূর্ণভাৱে আৰু নিৰাপদে উদযাপনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ আজি ডিফু আৱৰ্ত ভৱনত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ আয়ুক্তৰ লগতে ডিফু, মাঞ্জা, বকলীয়াঘাট আৰু হাওৰাঘাটৰ ষট পূজা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আয়ুক্তগৰাকীয়ে পূজা উদযাপন কৰিবলগীয়া স্থানসমূহ মেৰামতি কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। তদুপৰি পূজাথলীসমূহত চি চি টি ভি সংস্থাপনৰ লগতে অন্যান্য সতর্কতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ কোৱা হৈছে।