ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 26, 2025 12:29 PM | Chhath Puja

printer

ষট পূজা উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপআয়ুক্তৰ সোমবাৰ আৰু মঙলবাৰলৈ মহানগৰীত যানবাহন চলাচলত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি

ষট পূজা উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপআয়ুক্ত কার্যালয়ে কাইলৈ আৰু পৰহিলৈ মহানগৰীখনত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। কাইলৈ দিনৰ ১১ বজাৰ পৰা পৰহিলৈ দিনৰ ১১ বজালৈ এই নিৰ্দেশনাসমূহ কাৰ্যকৰী হ’ব। এই অনুসৰি গুৱাহাটী মহানগৰীত এই সময়ছোৱাত সামগ্ৰী পৰিবাহী গধূৰ বাণিজ্যিক বাহন আৰু অন্য গধূৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। অৱশ্যে মাছখোৱা অঞ্চলত পূজাৰ সামগ্ৰী আৰু ভক্তসকলক কঢ়িয়াই নিয়া বাহনসমূহ চলাচলত অনুমতি দিয়া হ’ব। ঠেলা, ৰিক্সা, ঘোঁৰাগাড়ীকে ধৰি লঘু বাহনসমূহ মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ ভৱনলৈ পথছোৱাত এই সময়ছোৱাত চলাচলৰ অনুমতি দিয়া হ’ব। তদুপৰি আন্তঃজিলা বাছসমূহ ৰাষ্ট্ৰীয় ঘাইপথেৰেহে চলাচল কৰাৰ অনুমতি দিয়া হৈছে। ভৰলুমুখৰ দিশৰ পৰা চানমাৰি অভিমুখী চিটী বাছসমূহ এইছ বি ৰোড নাইবা এ টি ৰোডৰ বিকল্প পথ ল’বলৈ কোৱা হৈছে। একেদৰে চানমাৰি দিশৰ পৰা অহা চিটীবাছ তথা অন্যান্য বাহনসমূহ পাণবজাৰৰ ছেচন ন্যায়াধীশৰ আদালতৰ সন্মুখেৰে ভৰলু মুখলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে।