ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ষট্ পূজা উপলক্ষে উত্তৰ-ভাৰতীয় লোকসকলৰ বিভিন্ন প্ৰান্তৰ নৈৰ পাৰ, ঘাটসমূহত নৈবদ্য আগবঢ়াই আৰাধনা

■ ষট্ পূজা উপলক্ষে কালি ৰাজ্যখনত বাস কৰা হিন্দীভাষী উত্তৰ-ভাৰতীয় লোকসকলে বিভিন্ন প্ৰান্তৰ নৈৰ পাৰ, ঘাটসমূহত নৈবদ্য আগবঢ়াই আৰাধনা কৰিবলৈ সমবেত হয়। কালি নিশাটো বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে নৈৰ ঘাটতে থাকি ভক্তসকলে আজি পুৱা উদিত সূৰ্য্যক প্রণাম কৰি পূজা-অৰ্চনা আগবঢ়ায়। ইয়াৰ লগে লগে আজি পূজাৰ সামৰণিও পৰে।
অসমৰ বিভিন্ন জিলাত এই পূজা অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰৰ কছাৰীঘাটত কালি বিয়লিৰ পৰা অগণন লোকে ফল-মূল, পিঠাপনা আদি আগবঢ়াই অস্তমিত সূৰ্য্য দেৱতাক আৰাধনা কৰি আজি পুৱা উদিত সূৰ্য্যক ভক্তসকলে আৰাধনা কৰে। কামৰূপ জিলাৰ আমিনগাওঁৰ শৰাইঘাট দলঙৰ সমীপত ব্ৰহ্মপুত্ৰৰ পাৰত আজি বহু লোক সমবেত হৈ এই পূজা সম্পন্ন কৰিছে। গুৱাহাটী মহানগৰীৰ পাণ্ডু ঘাট, পানবজাৰ, উজানবজাৰ, খাৰঘুলিকে ধৰি ভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত সমবেত হৈ ভক্তসকলে অস্তমিত সূৰ্য্যলৈ নৈবদ্য আগবঢ়োৱাৰ লগতে আজি পুৱা উদিত সূর্যক প্রণাম জনাই পূজাৰ সামৰণি পেলায়।
বিশ্বনাথ জিলাৰ বিহালী, গহপুৰ আদি অঞ্চলত ষট্ পূজা পালন কৰা হৈছে। এই পূজাই পৰিয়ালৰ সুখ সমৃদ্ধি আৰু সন্তানৰ কল্যান কৰে বুলি বিশ্বাস কৰা হয়। ধেমাজী জিলাতো পৰম্পৰাগত ৰীতি নীতিৰে ষট পূজা পালন কৰা হয়। জিলাখনৰ সদৰৰ টেলিজান ঘাটৰ লগতে চিলাপথাৰ, জোনাই আৰু গোগামুখৰ ঘাটসমূহতো ভক্তসকলে ধূপ, ধূনা, নৈবদ্য, ফল মূল আদিৰে সূৰ্য্য দেৱতাক আৰাধনা কৰে।
শিলচৰত এই উৎসৱ উপলক্ষে বৰাক নদীৰ অন্নপূর্ণা ঘাট, ৰংপুৰ ঘাট, বৰম বাবা, এন আই টি শিলচৰৰ জলাশয়ৰ ভালেসংখ্যক লোক সমবেত হৈ পূজা-অৰ্চনা কৰে। হোজাই জিলাৰ লংকা লংকেশ্বৰী ষট্ ঘাটত পূজা সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰে ষট্ পূজা পালন কৰে।
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী, বৈঠালাংছ’ আৰু হামৰেণত বাস কৰা ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলৰ লগতে বঙালী সম্প্ৰদায়ৰ লোকসকলেও এই পূজাত অংশগ্ৰহণ কৰা বুলি আমাৰ সংবাদদাতাই জনাইছে। হিন্দু ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ উৎসৱ ষট্ পূজা উপলক্ষে কালি তৃতীয় দিনটোত শিৱসাগৰৰ দিখৌ নদীৰ পাৰত হিন্দীভাষী উত্তৰ-ভাৰতীয় লোকসকলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। ভক্তসকলে ধৰ্মীয় ৰীতি-নীতি পালনৰ লগতে প্রিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। ইপিনে পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ উদ্যোগত শিৱসাগৰৰ থানা ঘাটত কালি অসংখ্য ভক্তৰ ভিৰ দেখা যায়। বিগত দিনকেইটাত ভক্তসকলে ব্ৰত, উপবাস, আদি ৰাখি আজি সূৰ্য উদয়ৰ পৱিত্ৰ ক্ষণত সূৰ্য দেৱতাক অৰ্থ প্ৰদান কৰি ধৰ্মীয় ৰীতি-নীতিৰে এই পূজা সমাপন কৰে।