শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিনি অমৰসূর্যাই কালি ভাৰতৰ সৈতে বাণিজ্য, সামুদ্রিক সুৰক্ষা আৰু বহনক্ষম জীৱিকাৰ ক্ষেত্ৰত অধিক ঘনিষ্ঠ সহযোগিতাৰ আহ্বান জনোৱাৰ লগতে দুয়োখন দেশৰ মাছমৰীয়াসকলক লৈ উদ্বিগ্নতা প্রকাশ কৰে। ৰাষ্ট্ৰীয় ৰাজধানীত ইণ্ডিয়া ফাউণ্ডেচনে আয়োজন কৰা নাগৰিক অভ্যর্থনা অনুষ্ঠানত ভাষণ দি হৰিনি অমৰসূর্যাই কয়, যে শ্রীলংকাই ভাৰত মহাসাগৰ আৰু ইয়াৰ বাহিৰতো মুক্ত আৰু সৰ্বাংগীন নীতিত বিশ্বাস কৰে, য’ত সকলোৱে শান্তি আৰু সমৃদ্ধিৰে বাস কৰিব পাৰে। ভাৰত মহাসাগৰৰ নিৰাপত্তা আমাৰ দুয়োখন দেশৰ বাবেই গুৰুত্বপূৰ্ণ বিষয় বুলিও দেশখনৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে শ্ৰীলংকাৰ বন্দৰসমূহক ভাৰতৰ বাণিজ্যৰ দুৱাৰ হিচাপে আৰু অধিক উন্নত কৰিব পৰা যাব। ভাৰতৰ নিকটতম সামুদ্রিক প্রতিবেশী হোৱাৰ বাবে শ্রীলংকাই ভাৰত “বিকশিত ভাৰতৰ” লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত স্বাভাৱিক অংশীদাৰ হ’ব পাৰে। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত মহাসাগৰৰ জলভাগ আৰু পূব-পশ্চিম জাহাজ পথত অৱস্থিত বন্দৰসমূহ ব্যৱহাৰ কৰি বিশ্বৰ সৈতে ভাৰতৰ ৰপ্তানি আৰু আমদানি বাণিজ্যৰ বাবে স্বাভাৱিক খৰচ-বহনক্ষম কেন্দ্ৰ কৰি তোলাৰ বাবেও আগ্রহ প্রকাশ কৰিছে। তেওঁ কয়, যে ভাৰত শ্ৰীলংকাৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ আৰু উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ অংশীদাৰ। এই অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়েও অংশগ্ৰহণ কৰে। তিনিদিনীয়া আনুষ্ঠানিক ভাৰত ভ্ৰমণলৈ অহা অমৰসুৰিয়াই কালি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰকো সাক্ষাৎ কৰ। প্রধানমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজৰ ৩৭ বছৰ পুৰণি মুক্ত বাণিজ্য চুক্তিখন উন্নত কৰা, আঞ্চলিক সহযোগিতা বৃদ্ধি আৰু নবীকৰণযোগ্য শক্তিক বিষেয় গুৰুত্ব আৰোপেৰে শক্তি সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগৰ বিষয়েও উল্লেখ কৰে। তেওঁ লগতে দুয়োখন ৰাষ্ট্ৰৰ মাজত অলপতে বহুমুখী সহযোগিতা সম্পৰ্কে হোৱা আলোচনাৰ বিষয়ে আলোকপাত কৰে। এই আলোচনাই বিকাশ আৰু স্থিতিস্থাপকতা সম্পর্কে উভয় দেশৰ গুৰুত্বৰ বিষয়ে প্রতিফলিত কৰে বুলি তেওঁ মন্তব্য কৰে।
Site Admin | October 19, 2025 1:31 PM | Sri-Lankan-Prime-Minister-Harini-Amarasuriya
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিনি অমৰসূর্যাৰ ভাৰতৰ সৈতে বাণিজ্য, সামুদ্রিক সুৰক্ষা আৰু বহনক্ষম জীৱিকাৰ ক্ষেত্ৰত অধিক ঘনিষ্ঠ সহযোগিতাৰ আহ্বান
