October 19, 2025 1:31 PM

views 41

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিনি অমৰসূর্যাৰ ভাৰতৰ সৈতে বাণিজ্য, সামুদ্রিক সুৰক্ষা আৰু বহনক্ষম জীৱিকাৰ ক্ষেত্ৰত অধিক ঘনিষ্ঠ সহযোগিতাৰ আহ্বান

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিনি অমৰসূর্যাই কালি ভাৰতৰ সৈতে বাণিজ্য, সামুদ্রিক সুৰক্ষা আৰু বহনক্ষম জীৱিকাৰ ক্ষেত্ৰত অধিক ঘনিষ্ঠ সহযোগিতাৰ আহ্বান জনোৱাৰ লগতে দুয়োখন দেশৰ মাছমৰীয়াসকলক লৈ উদ্বিগ্নতা প্রকাশ কৰে। ৰাষ্ট্ৰীয় ৰাজধানীত ইণ্ডিয়া ফাউণ্ডেচনে আয়োজন কৰা নাগৰিক অভ্যর্থনা অনুষ্ঠানত ভাষণ দি হৰিনি অমৰসূর্যাই কয়, যে শ্রীলংকাই ভাৰত মহাসাগৰ আৰু ইয়াৰ বাহিৰতো মুক্ত আৰু সৰ্বাংগীন নীতিত বিশ্বাস কৰে, য'ত সকলোৱে শান্তি আৰু সমৃদ্ধিৰে বাস কৰিব পাৰে। ভাৰত মহাসাগৰৰ নিৰাপত্তা আমাৰ দুয়োখন দেশৰ বাবেই গুৰুত্ব...