শ্ৰমিকসকলৰ কল্যাণৰ বাবে সজাগতাপূর্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে আজি সমগ্ৰ ৰাজ্যতে শ্রমিক কল্যাণ দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে বিশিষ্ট শ্রমিক নেতা প্রয়াত সন্তোষ কুমাৰ তপ্নৰ জন্ম বার্ষিকী উপলক্ষে প্ৰতিবছৰে ২৩ নৱেম্বৰৰ দিনটো শ্রমিক কল্যাণ দিৱস হিচাপে পালন কৰি আহিছে। এই উপলক্ষে আজি ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় ফিল্ডত আয়োজিত অনুষ্ঠানত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰী সোণোৱালে তেওঁৰ ভাষণত কয়, যে শ্রমিকসকল হৈছে সমাজৰ চালিকা শক্তি তথা ৰাষ্ট্ৰ নিৰ্মাণৰ খনিকৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত শ্ৰমিকসকলৰ জীৱনৰ আমূল পৰিৱৰ্তন ঘটিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে যোৱা ১১ বছৰত শ্ৰমিকসকলৰ বাবে আর্থ সামাজিক নিৰাপত্তা, মৰ্যাদা আৰু প্ৰাপ্য অধিকাৰ সুনিশ্চিত কৰিছে। শ্ৰী সোণোৱালে সমাজকর্মী, শ্রমিক নেতা তথা শিক্ষাবিদ সন্তোষ কুমাৰ তৰ চাহ জনজাতিৰ কল্যাণৰ দিশত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি কয়, যে চাহ বাগিচাৰ বিভিন্ন অঞ্চলত শ্রমিক কল্যাণমূলক আন্দোলন, শিক্ষাৰ প্ৰসাৰ আৰু সামাজিক সংস্কাৰৰ দিশত শ্রমিক নেতাগৰাকীয়ে লোৱা অগ্রণি ভূমিকা স্মৰণীয় আৰু অনুপ্ৰেৰণাদায়ক হৈ ৰ’ব। আজিৰ অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাহ বাগিচা অঞ্চলৰ শিক্ষা, চিকিৎসা, চাহ শ্রমিকৰ কল্যাণ, আন্তঃগাঁথনি আদিকে ধৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তি আৰু প্ৰতিষ্ঠানক সম্বৰ্ধনা জনায়। তেওঁ লগত অসম গৃহ আৰু অন্যান নিৰ্মাণ শ্রমিক কল্যাণ পৰিষদৰ অধীনত কেইবাগৰাকী ব্যক্তিক আর্থিক অনুদান প্রদান কৰে। অনুষ্ঠানত শ্ৰমিকসকলৰ সুবিধাৰ্থে নিৰ্মাণ সখী পদক্ষেপৰ অধীনত বিনামূলীয়া চি এছ চি সক্ষম পঞ্জীয়ন আৰু নৱীকৰণ সেৱাও মুকলি কৰা হয়। আজিৰ অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন, বিমল বৰা, ৰূপেশ গোৱালা আৰু সাংসদ প্রদান বৰুৱাকে ধৰি বহু কেইগৰাকী বিধায়ক উপস্থিত থাকে।
Site Admin | November 23, 2025 6:37 PM | Sarbanada sonowal | Tea Tribe
শ্ৰমিকসকলৰ কল্যাণৰ বাবে সজাগতাপূর্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যতে শ্রমিক কল্যাণ দিৱস পালন