January 14, 2026 9:30 PM

views 28

চাহ জনগোষ্ঠীসকলৰ অন্যতম প্রধান উৎসৱ টুচু পূজাৰ সামৰণি

মকৰ সংক্ৰান্তিৰ সৈতে সংগতি ৰাখি পালন কৰা চাহ জনগোষ্ঠীসকলৰ অন্যতম প্রধান উৎসৱ টুচু পূজাৰ আজি সামৰণি পৰে। পুহ মাহত আৰম্ভ হোৱা বাবে এই উৎসৱক পৌৰ পৰব বুলিও জনা যায়। শস্যৰ দেৱী টুচুৰ আৰাধনাৰে ডিব্ৰুগড় জিলাৰ চাহ জনগোষ্ঠীৰ লোকসকলে আজি টুচু পূজা পালন কৰে। যোৰহাট জিলাৰ চেনিমৰা, সৰুচৰাই, দকলঙীয়াৰ দৰে বাগানসমূহতো উলহ-মালহেৰে এই পূজা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, কোনো ক্ষেত্ৰত শিৱৰ জীয়েক, মনসাৰ ভনীয়েক, কালী, দুর্গা, সীতাৰ দৰে শক্তিৰ ৰূপত কল্পনা কৰা টুচু পূজাত প্ৰধানত মহিলাসকলে অংশগ্রহণ কৰে। অৱশ্যে ...

November 23, 2025 6:37 PM

views 41

শ্ৰমিকসকলৰ কল্যাণৰ বাবে সজাগতাপূর্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যতে শ্রমিক কল্যাণ দিৱস পালন

শ্ৰমিকসকলৰ কল্যাণৰ বাবে সজাগতাপূর্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে আজি সমগ্ৰ ৰাজ্যতে শ্রমিক কল্যাণ দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে বিশিষ্ট শ্রমিক নেতা প্রয়াত সন্তোষ কুমাৰ তপ্নৰ জন্ম বার্ষিকী উপলক্ষে প্ৰতিবছৰে ২৩ নৱেম্বৰৰ দিনটো শ্রমিক কল্যাণ দিৱস হিচাপে পালন কৰি আহিছে। এই উপলক্ষে আজি ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় ফিল্ডত আয়োজিত অনুষ্ঠানত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰী সোণোৱালে তেওঁৰ ভাষণত কয়, যে শ্রমিকসকল হৈছে সমাজৰ চালিকা শক্তি তথা ৰাষ্ট্ৰ নিৰ্মাণৰ খনিকৰ। প্ৰধানমন্ত্ৰী নৰেন্...