ডাউনলোড
মোবাইল এপ

android apple
signal

শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত আৰক্ষীৰ অভিযান

● শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ অনুসন্ধানকাৰী গোট – এছ আই টিয়ে কালি নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনৰ পৰা বহু আপত্তিজনক নথি-পত্র জব্দ কৰে। চি আই ডিয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহতো অভিযান চলায়। চি আই ডিৰ অভিযানৰ সময়তে মেনেজাৰজনৰ ঘৰৰ বাহিৰত উত্তেজিত একাংশ লোকে শিল নিক্ষেপ কৰাত ১৫ জনৰো অধিক আৰক্ষী আৰু চি আই ডিৰ লোক আহত হোৱাৰ লগতে দুখন বাহনো ক্ষতিগ্রস্ত হয়। আৰক্ষীয়ে উত্তেজিত জনতাক বহু কষ্ট কৰি নিয়ন্ত্ৰণ কৰে। বৰ্তমান শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহ ছীল কৰি দিয়া হৈছে। কালি এছ আই টিৰ দলে জালুকবাৰীৰ গাড়িগাঁৱত জুবিন গাৰ্গৰ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক কেইবাঘণ্টা ধৰি সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে। মুখ্য অনুসন্ধানকাৰী বিষয়া ৰ’জী কলিতাই আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে কেতবোৰ তথ্য ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে।

জুবিন গাৰ্গৰ ছিংগাপুৰৰ সাগৰত বুৰি দুৰ্ভাগ্যজনকভাৱে মৃত্যু হোৱা ঘটনা সন্দৰ্ভত এছ আই টিয়ে সেই দলৰ সৈতে ছিংগাপুৰলৈ যোৱা সকলো ব্যক্তিকে সোধা-পোছা কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদমাধ্যমৰ আগত এই বিষয়ে প্রকাশ কৰি কয়, যে এই ঘটনাৰ সৈতে জড়িত কোনো লোকক ৰেহাই দিয়া নহ’ব। মুখ্যমন্ত্ৰীয়ে লগতে ঘটনাৰ সৈতে সম্পৰ্ক থকা যিকোনো বিশ্বাসযোগ্য তথ্য কাৰোবাৰ হাতত থাকিলে সেইসমূহ পোনপটীয়াকৈ digp-cid@assampolice.gov.in লৈ মেইল যোগে প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে। ড° শৰ্মাই এছ আই টিৰ তদন্তৰ ওপৰত ভৰষা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে। তেওঁ কয়, যে শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্য ভেদ কৰাত এছ আই টি ব্যর্থ হ’লে চি বি আইৰ দ্বাৰা তদন্ত কৰোৱা হ’ব ।