শ্বহীদ সুজিত নাৰ্জাৰীৰ স্মৃতিত বড়োলেণ্ডৰ বিভিন্ন ঠাইত বড়োলেণ্ড শ্বহীদ দিৱস পালন

নিখিল বড়ো ছাত্ৰ সন্থা এবছুৰ নেতৃত্বত সুকীয়া বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত হোৱা গণ আন্দোলনৰ প্রথম শ্বহীদ সুজিত নাৰ্জাৰীৰ স্মৃতিত আজি বড়োলেণ্ডৰ বিভিন্ন ঠাইত বড়োলেণ্ড শ্বহীদ দিৱস পালন কৰা হৈছে। বাক্সাৰ খাৰুৱাজানত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম আৰু বিটিআৰ প্রধান প্রমোদ বড়োৰ উপস্থিতিত শ্বহীদৰ পৰিয়াললৈ বিটিআৰ প্ৰশাসনে আর্থিক সাহায্য আগবঢ়ায় অনুষ্ঠানটোত বিএলটিৰ ৯১টা আৰু এবছুৰ ৩৩৩টা শ্বহীদ পৰিয়ালৰ লগতে সংঘৰ্ষত নিহত সৰ্বমুঠ ৭২৪ টা পৰিয়াললৈ বিটিআৰ প্ৰধান প্রমোদ বড়োৱে ৫০ হাজাৰৰ পৰা ৩লাখ টকালৈকে এককালীন আর্থিক সাহায্যৰ চেক প্ৰদান কৰে। চিৰাং জিলাতো বড়োলেণ্ড শ্বহীদ দিৱস উপলক্ষে বিজনীৰ বৰলাউগাওঁ হাইস্কুল খেলপথাৰত আয়োজিত অনুষ্ঠানত শ্বহীদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, শ্বহীদ তৰ্পণকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হয়। এই অনুষ্ঠানত অংশ লৈ এবছুৰ সভাপতি দিপেন বড়োৱে বড়োসকলৰ উন্নয়নৰ হকে এবছুৱে কাম কৰি যাব বুলি উল্লেখ কৰে।