শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ অধ্যক্ষতাত জিলা পথ পৰিবহণ সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তই পূৰ্বৰ ডি.আৰ.এছ.চি বৈঠকত লোৱা সিদ্ধান্তসমূহৰ প্ৰতিবেদন দিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে দ’লাবাৰী পইণ্ট এলেকাত ট্রাকৱে’, বাছ আস্থানসমূহৰ উন্নয়নমূলক কামৰ অগ্ৰগতি, ই-বিক্সাসমূহৰ নিয়ন্ত্ৰণ তথা পৌৰসভাৰ অধীনত পঞ্জীয়ন আৰু পথৰ দাঁতিৰ গছৰ ডালসমূহৰ পৰা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনীয়তা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক পৰামৰ্শ দিয়াৰ উপৰি জিলাখনৰ ভিন্ন দুর্ঘটনাপ্রবন অঞ্চলত পথ সুৰক্ষা সন্দৰ্ভত সজাগতামূলক ফলক লগোৱাৰো নির্দেশ দিয়ে। তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু জিলাখনৰ ভিন্ন চিকিৎসালয় এলেকাত হোৱা যান-জঁটৰ পৰা সম্ভাৱনীয় দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ পাৰ্কিঙৰ বাবে সুকীয়া স্থান নিৰ্ধাৰণ কৰা সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। বৈঠকত শোণিতপুৰৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্ত, তেজপুৰ ৰাজহ চক্ৰ বিষয়া, শোণিতপুৰ আৰু বিশ্বনাথ পথ সংমণ্ডলৰ তেজপুৰৰ অধীক্ষক অভিযন্তাৰ লগতে কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে ৷
Site Admin | August 24, 2024 12:22 PM | Sonitpur Meeting
শোণিতপুৰৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ পৰিবহণ সমিতিৰ বৈঠক
