ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শৈক্ষিক প্রতিষ্ঠানসমূহে ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ পৰিৱেশ সৃষ্টি কৰা উচিতঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে শৈক্ষিক প্রতিষ্ঠানসমূহে ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ পৰিৱেশ সৃষ্টি কৰা উচিত, কিয়নো দেশৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকো গুৰুত্বপূৰ্ণ অংশ। আজি পুনেত ছিম্বায় ‘ছিছ বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাগ লৈ শ্ৰীমতী মুৰ্মুৱে এইদৰে কয়। তেওঁ লিংগ ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ববিদ্যালয়খনে সর্বাংগীন উন্নয়নৰ দিশত কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু ১১ গৰাকী সোণৰ পদক প্রাপ্ত শিক্ষাৰ্থীৰ ভিতৰত ৮ গৰাকীয়ে ছোৱালী বুলি উল্লেখ কৰে। তেওঁ শৈক্ষিক প্ৰতিষ্ঠানসমূহে মূল্য আধাৰিত আৰু শিক্ষাৰ্থীসকলক সংস্কৃতিৰ লগতে সমাজৰ প্ৰয়োজনীয়তা সম্পর্কে বুজাত সহায়ক হোৱাকৈ শিক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায়। শ্ৰীমতী মুমুৱে সমাজৰ অনুন্নত শ্ৰেণীৰ লোকসকলৰ কথা মনত ৰাখি স্বাস্থ্য সেৱাৰ সামগ্ৰী বিকাশিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ বিশ্ববিদ্যালয়খনত অধ্যয়নৰত বিদেশী শিক্ষাৰ্থীসকলে তেওঁলোকৰ জ্ঞান আৰু দক্ষতা নিজৰ দেশখনত মানৱীয়তাৰ ক্ষেত্ৰখনত আগবঢ়াব বুলিও আশা প্রকাশ কৰে। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন আৰু ৰাজ্যিক উচ্চ তথা কাৰিকৰী শিক্ষাৰ মুৰববী চন্দ্ৰকান্ত পার্টিলো উপস্থিত থাকে। এই বিশ্ববিদ্যালয়খনত ৮৫ খন ৰাষ্ট্ৰৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে আৰু তেওঁলোকে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক নিজৰ দেশৰ পতাকা উপহাৰ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।