তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্রসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছ নির্গমন ৰোধ কৰাৰ বাবে প্ৰচেষ্টা চলি থকাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণ তথা পশুধনৰ সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে ২৪ ঘণ্টাই দণ্ডাধীশ পৰ্যায়ত তদাৰক কৰি থকা হৈছে। তদুপৰি ঘটনাস্থলীৰ নিকটৱৰ্তী নাগৰিকসকলক বিশুদ্ধ খোৱাপানী আৰু আহাৰ যোগান ধৰি থকা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে অঞ্চলটোত স্বাস্থ্য শিবিৰো মুকলি কৰিছে। জিলা অগ্নি নির্বাপক বাহিনী, তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অগ্নি নির্বাপক বাহিনী, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু জৰুৰীকালীন সেৱা বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সহযোগত গেছ নিগম ৰোধৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে । তদুপৰি ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ১ কিলোমিটাৰ নিলগলৈ বায়ুৰ গুণাগুণ পৰীক্ষাৰ বাবে স্থায়ী যন্ত্র স্থাপন কৰা হৈছে। এই বায়ু নমুনাৰ তথ্য অনুযায়ী বায়ু প্ৰদূষণৰ মাত্ৰা এতিয়াও সহনীয় সীমাৰ ভিতৰত আছে। ইপিনে ৰীগটোৰ পৰা অবিৰতভাৱে হৈ থকা নিৰ্গমন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই যদিও বিশেষজ্ঞৰ দ্বাৰা প্ৰচেষ্টা চলাই থকা হৈছে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেল কূপটোত গেছৰ নির্গমন আৰম্ভ হয়। প্রচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমীপৰ ৭০টা পৰিয়ালক সেই অঞ্চলৰ পৰা স্থানান্তৰ কৰে। শুকুৰবাৰে ৰিগটোৰ দায়িত্ব বিশেষ সংকট নিয়ন্ত্ৰণ দলক অৰ্পণ কৰা হৈছিল আৰু সম্প্ৰতি জাংক শ্বট অপাৰেচন নামৰ বিশেষ ব্যৱস্থাৰে গেছ নির্গমন ৰোধৰ কাম কৰি থকা হৈছে।
ইপিনে, এই ঘটনাই আজি পঞ্চম দিনত ভৰি দিয়াৰ ফলত অসমীয়া যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। সংগঠনটোৱে এছ কে পে’ল নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ জাখিল কৰিছে। অঞ্চলটোৰ ৰাইজে ততালিকে এই সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।
Site Admin | June 16, 2025 7:50 PM | OIL Leakage
শিৱসাগৰত গেছ নির্গমন হোৱাৰ বাবে অঞ্চলটোৰ জনসাধাৰণ, পশুধনৰ সুৰক্ষাৰ ব্যৱস্থা জিলা প্ৰশাসনৰ
