June 16, 2025 7:50 PM

views 13

শিৱসাগৰত গেছ নির্গমন হোৱাৰ বাবে অঞ্চলটোৰ জনসাধাৰণ, পশুধনৰ সুৰক্ষাৰ ব্যৱস্থা জিলা প্ৰশাসনৰ

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্রসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছ নির্গমন ৰোধ কৰাৰ বাবে প্ৰচেষ্টা চলি থকাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণ তথা পশুধনৰ সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে ২৪ ঘণ্টাই দণ্ডাধীশ পৰ্যায়ত তদাৰক কৰি থকা হৈছে। তদুপৰি ঘটনাস্থলীৰ নিকটৱৰ্তী নাগৰিকসকলক বিশুদ্ধ খোৱাপানী আৰু আহাৰ যোগান ধৰি থকা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে অঞ্চলটোত স্বাস্থ্য শিবিৰো মুকলি কৰিছে। জিলা অগ্নি নির্বাপক বাহিনী, তেল আৰু প্ৰাকৃতিক গেছ...