ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ ২.০ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ

শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ ২.০ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। শিৱসাগৰ নগৰৰ বোর্ডিং খেলপথাৰত এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ শিৱসাগৰ, নাজিৰা আৰু ডিমৌ সমষ্টিৰ প্ৰায় ১,৫০০ খেলুৱৈয়ে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰিব। ৩ দিনীয়াকৈ আয়োজিত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰহিলৈ সামৰণি পৰিব। ইপিনে, ওদালগুৰিত জিলা পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ যোৱা ৪ ৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হয়। জিলাখনৰ আঠশৰো অধিক খেলুৱৈয়ে ফুটবল, ভলীবল, দবা, কাবাড়ী, চাইক্লিঙৰ লগতে বিভিন্ন এথলেটিক্স প্রতিযোগিতাত প্ৰতিদ্বন্দিতা আগবঢ়ায়।