September 21, 2025 11:47 AM | Zubeen Garg

printer

শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত সমগ্ৰ ৰাজ্য শোকস্তব্ধ

জনতাৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ আছে। শিল্পীগৰাকীৰ বিয়োগৰ বাতৰি পোৱাৰ পাছৰে পৰা অগণন লোক স্বতঃস্ফূর্তভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পথসমূহত সমবেত হয়। ম্রিয়মান জনতাই শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ কণ্ঠত আওঁৰাই তেওঁৰ প্ৰতি ৰাজ্যৰ প্ৰান্তে প্রান্তে শ্রদ্ধা নিবেদিছে। শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিগৰাকী অনুৰাগী শোকাহত আৰু স্তম্ভিত হৈ পৰিছে।
শিৱসাগৰত কালি জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিশাল অনুষ্ঠানৰ আয়োজন কৰা হয়। বহুসংখ্যক অনুৰাগী আৰু গুণমুগ্ধৰে ভৰি পৰা অনুষ্ঠানত ১০ হাজাৰ মাটিৰ চাকি জ্বলোৱা হয়। জেঙনিকটিয়াটো শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জনাবৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড়ৰ বঙালগাঁও ৰামধেনু শাখা সাহিত্য সভাই অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ আকস্মিক বিয়োগত শোকপ্রকাশ কৰে। চেণ্টাৰ ফ’ৰ ইছলামিক ষ্টাডিজ, মির্জাবাগ যুৱ সমাজ, মানকটা শাখা সাহিত্য সভা, ডিব্ৰুগড় জিলা সাহিত্য সভাকে ধৰি জিলাখনৰ প্ৰতিটো অনুষ্ঠান প্রতিষ্ঠানে প্রিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে ম’ম বাতি লৈ মৌন সমদল কৰে। লাহোৱালতো অনুৰাগীৰ জয় জুবিন দা ধবনিৰে আকাশ বতাহ মুখৰ হৈ পৰে।
শিৱসাগৰৰ বাবুপট্টি, আমোলাপটি নামঘৰ, বাৰোৱাৰী সাৰ্বজনীন দুর্গোৎসৱ আৰু নৱ দুর্গোৎসৱ পূজা কমিটীৰ সিদ্ধান্ত অনুসৰি আজি মহালয়াৰ পুৱা পূৰ্বে নিৰ্ধাৰিত প্ৰভাত ফেৰী জুবিন গাৰ্গৰ আকষ্মিক মৃত্যুৰ বাবে বাতিল কৰা হয়। শিৱসাগৰ নগৰতো কালি শিল্পীগৰাকীৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি বিশাল অনুষ্ঠানৰ আয়োজন কৰা হয় ৷
ৰাজ্যৰ প্ৰতিখন জিলাত কালি বিভিন্ন দল-সংগঠন, শিক্ষানুষ্ঠান, অনুষ্ঠান-প্রতিষ্ঠান আদিয়ে শিল্পীগৰাকীৰ প্ৰতি সন্মানাৰ্থে সমদলৰ আয়োজন কৰে। অসামান্য প্ৰতিভাৰ অধিকাৰী, দৰদী শিল্পীগৰাকীৰ বিয়োগত কাতৰ হৈ পৰা জনসাধাৰণে স্বতঃস্ফুর্তভাৱে নিজৰ ব্যৱসায়িক প্রতিষ্ঠান, দোকান-পোহাৰ আদি বন্ধ কৰি ৰাজপথলৈ ওলাই আহি শিল্পীগৰাকীৰ সোঁৱৰণী যাত্ৰাৰ অংশীদাৰ হৈ পৰে। বিভিন্ন জিলাৰ প্ৰশাসনসমূহৰ উদ্যোগতো কালি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাৰ্য্য তৰ্পন কৰা হয়। যোৰহাট, হোজাই, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁৱৰ লগতে প্রায় আটাইবোৰ জিলা প্ৰশাসনে কালি শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা জনায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জ্যোতি বাটচৰাত সমবেত হৈ শিল্পীগৰাকীক শ্রদ্ধা জনায়। জিলাখনৰ বিভিন্ন অঞ্চলত সমদল উলিয়াই তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। যোৰহাট জিলা কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিয়ে শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই আজি মহালয়াৰ অনুষ্ঠান তথা শোভাযাত্রা বাতিল কৰে। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ বিভিন্ন স্থানতো শিল্পীগৰাকীৰ প্ৰতি ৰাইজে শ্রদ্ধা নিবেদন কৰে। ঐতিহাসিক নতুন চামগুৰি সত্ৰৰ সংগীত কলাকেন্দ্ৰত কালি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।