শিল্পী গায়ত্রী হাজৰিকাক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত সোণোৱাল কছাৰী সাহিত্য সভাৰ

সোণোৱাল কছাৰী সাহিত্য সভাই শিল্পী গায়ত্রী হাজৰিকাক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত লৈছে। সভাৰ বৈঠকত সৰ্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ ২০২৫-২০২৭ বৰ্ষৰ নৱনিৰ্বাচিত পূৰ্ণাংগ সমিতিখনে কালি ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। এই অনুসৰি মোহন সোণোৱালক সভাপতি আৰু মৃদুল সোণোৱালক সম্পাদক হিচাপে লৈ গঠিত সমিতিখনে সভাৰ প্ৰতিষ্ঠাপক সভাপতি গুণেশ্বৰ সোণোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত শপত গ্ৰহণ কৰে। এই সভাত সোণোৱাল কছাৰীৰ স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপু ৰঞ্জন মাত্ৰাৰীকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত প্রয়াত শিল্পী গায়ত্ৰী হাজৰিকাৰ স্মৃতিত শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ জীৱন আৰু কৃতি সম্পর্কেও আলোকপাত কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।