May 26, 2025 7:09 PM

views 29

শিল্পী গায়ত্রী হাজৰিকাক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত সোণোৱাল কছাৰী সাহিত্য সভাৰ

সোণোৱাল কছাৰী সাহিত্য সভাই শিল্পী গায়ত্রী হাজৰিকাক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত লৈছে। সভাৰ বৈঠকত সৰ্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ ২০২৫-২০২৭ বৰ্ষৰ নৱনিৰ্বাচিত পূৰ্ণাংগ সমিতিখনে কালি ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। এই অনুসৰি মোহন সোণোৱালক সভাপতি আৰু মৃদুল সোণোৱালক সম্পাদক হিচাপে লৈ গঠিত সমিতিখনে সভাৰ প্ৰতিষ্ঠাপক সভাপতি গুণেশ্বৰ সোণোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত শপত গ্ৰহণ কৰে। এই সভাত সোণোৱাল কছাৰীৰ স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবা...

June 15, 2024 9:07 PM

views 27

সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১৩টা সমষ্টি পুনঃনিৰ্ধাৰণৰ বাবে প্ৰকাশিত খচৰাত ওজৰ-আপত্তি দাখিলৰ দিন ৩০ জুন ধাৰ্য

সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১৩টা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰকাশিত খচৰাৰ ক্ষেত্ৰত ওজৰ-আপত্তিৰ দাখিলৰ দিন অহা ৩০ জুন ধাৰ্য কৰা হৈছে। দাবী আৰু আপত্তিসমূহৰ নিষ্পত্তিকৰণৰ অন্তিম দিন অহা ৭ জুলাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰাৰ ক্ষেত্ৰত কিবা দাবী বা আপত্তি থাকিলে সংশ্লিষ্ট ব্যক্তি বা সংগঠনে ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আপত্তিসমূহ দাখিল কৰিব পাৰিব।