ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 12, 2025 12:16 PM | Assam Sahitya Sabha

printer

শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কার্যনির্বাহকৰ পূৰ্ণাংগ অধিবেশনৰ আজি সামৰণি

ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে কালিৰে পৰা শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কার্যনির্বাহকৰ পূৰ্ণাংগ অধিবেশনৰ আজি সামৰণি পৰিব। আজি দিনৰ ১০ বজাত অসম সাহিত্য সভাৰ সভাপতিৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিৰ অংশগ্রহণেৰে এটা বর্ণময় সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থই এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে। কালি পুৱা পতাকা উত্তোলনেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত সদ্য প্রয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্রদ্ধা জনোৱাৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু লোকসংগীতৰ বিশিষ্ট শিল্পী কালিকা প্রসাদ ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন কৰি শ্রদ্ধাঞ্জলি নিবেদন কৰা হয়।

অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত মন্ত্রী কৌশিক ৰায়ে আদৰণি ভাষণ দিয়ে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে বৰাক উপত্যকাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই অধিবেশনে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত সমন্বয়ৰ সেতু গঢ়ি তুলিব বুলি মন্তব্য কৰে। কালিৰ অনুষ্ঠানত বৰাক বৈভৱ শীর্ষক স্মৃতি গ্রন্থ, অসম সাহিত্য সভাৰ পত্রিকা আৰু বাৰ্তা উন্মোচন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।