আজি শাৰদীয় দুর্গাপূজাৰ সপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। আজি দেৱীক কালৰাত্ৰি ৰূপত পূজা-অৰ্চনা কৰা হয়। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ’ব বুলি বিশ্বাস কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিনী দুর্গাৰ আৰাধনা কৰিছে।
শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিশ্বেশ্বৰ দেৱালয়কে ধৰি প্রাচীন দেৱালয়সমূহত নৱৰাত্রিৰ প্রথম দিনাৰে পৰা আধ্যাত্মিকতা ৰক্ষা কৰি দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে। উগ্ৰতাৰা দেৱালয়ত আজি দুর্গা পূজাৰ সপ্তমীত ভক্তসকলে দেৱীৰ আশীষ গ্রহণ কৰে। আজি জনগণৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্রতিকৃতিত দেৱালয়ৰ দলৈ নলিনী শৰ্মাই বন্তি প্ৰজ্বলন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজা মণ্ডপত দেৱীৰ আশীষ গ্রহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মহানগৰীৰ ২৯ খন পূজা মণ্ডপত সেৱা লোৱাৰ কথা। শিৱসাগৰ জিলাত ১৭৩৪ চনত ৰাণী অম্বিকাই প্ৰতিষ্ঠা কৰা ২৯১ বছৰীয়া ঐতিহাসিক দেৱী দৌলত আধ্যাত্মিকতাৰ মাজেৰে শাৰদীয় পূজা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে, এই দৌলত মহা অষ্টমীৰ প্ৰথম প্ৰসাদ নাগাৰা বজোৱা দৌল্লা পৰিয়াল আৰু কনচেং বৰপাত্ৰ গোঁহাই পৰিয়ালৰ পৰা আগবঢ়োৱাৰ ৰজাদিনীয়া পৰম্পৰা দৌল উন্নয়ন সমিতিয়ে এতিয়াও অক্ষুণ্ণ ৰাখিছে। শিৱসাগৰ নগৰৰ থানামুখৰ বাৰেঘৰীয়া মছজিদৰ কাষত ৬৫ বছৰ ধৰি নৱযুৱক দুর্গোৎসৱ সমিতিয়ে এখন পূজাৰ আয়োজন কবি আহিছে। ধর্মীয় সহিষ্ণুতা আৰু উদাৰতাৰ পৰিচয় দিয়া এই সমিতিয়ে নামাজৰ সময়ত ইছলামধৰ্মী লোকৰ নামাজৰ সুবিধা হোৱাকৈ তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী বন্ধ ৰাখে। এইবছৰ সমিতিখনে জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ সাংস্কৃতিক কার্যসূচী বাতিল কৰিছে। জিলাখনত সৰ্বমুঠ ২৫ খন ৰাজহুৱা পূজা অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাতো জুবিন গাৰ্গৰ বিয়োগে জনসাধাৰণৰ মন সেমেকা কৰি ৰাখিছে যদিও পৰম্পৰাগত ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰা হৈছে। জিলাখনত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ মোমাই তামুলী বৰবৰুৱাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বকুলৰ দুৰ্গা পূজাভাগ অসমীয়া ৰীতি-নীতিৰে পালন কৰা হৈছে। ডিব্ৰুগড়ৰ পূৰ্ণানন্দ পথত থকা জ্ঞানদায়িনী দুর্গা পূজাথলীত আজি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেৱা জনায়। বৰাক উপত্যকাৰ জিলাকেইখনতো শাৰদীয় দুর্গাপূজা অনুষ্ঠিত হৈছে। আজি সপ্তমীৰ দিনা বিভিন্ন পূজা মণ্ডপত ভক্তৰ সমাগম পৰিলক্ষিত হয়। কেইবাখনো পূজা সমিতিয়ে সুন্দৰ আৰ্হিৰ মণ্ডপ নিৰ্মাণ কৰি ভক্তসকলক আকৰ্ষিত কৰিছে। সকলো মণ্ডপতে জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।