ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শাস্ত্রীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ দেহাৱসান

শাস্ত্রীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ আজি পুৱা বৰপেটাৰ গলিয়াহাটীৰ নিজ বাসগৃহত দেহাৱসান ঘটে। বৰপেটাৰ সমাজ জীৱনৰ অভিভাৱক স্বৰূপ মিশ্ৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১০০ বছৰ। ১৯২৬ চনত বৰপেটাৰ এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা মিশ্ৰ সৰুৰেপৰা সংগীত চৰ্চাত নিমগ্ন আছিল। এগৰাকী ফুটবল খেলুৱৈ আৰু অভিনেতা হিচাপে দক্ষতা থকা মিশ্ৰ বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল। দেশৰ কেইবাখনো ৰাজ্যৰ আগশাৰীৰ শাস্ত্রীয় সংগীতানুষ্ঠানত বেহেলা বাদন পৰিৱেশন কৰি তেওঁ দৰ্শকক আপ্লুত কৰিছিল। তেওঁৰ মৃত্যুত জিলাখনৰ বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰিছে।