শান্তি, সমন্বয় আৰু উন্নয়ন বৰ্তমান ৰাজ্য চৰকাৰখনৰ সাফল্যৰ তিনিটা অন্যতম স্তম্ভ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ প্রকাশ

শান্তি, সমন্বয় আৰু উন্নয়ন বৰ্তমান ৰাজ্য চৰকাৰখনৰ সাফল্যৰ তিনিটা অন্যতম স্তম্ভ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মা নেতৃত্বাধীন চৰকাৰৰ চতুর্থ বর্ষপূর্তি উপলক্ষে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলত বিগত ৪টা বছৰত এই তিনিটা বিষয় অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এই সময়ছোৱাত ৰাজ্যখনত কোনো অশান্তিকৰ পৰিৱেশৰ সূচনা হোৱা নাই। ৰাজ্যৰ জনগোষ্ঠীয় লোকসকলৰ মাজত সমন্বয় দেখা গৈছে। পাহাৰীয়া জিলা দুখনত শান্তি বিৰাজ কৰাৰ লগতে এই সময়ছোৱাত উদ্যোগ, বাণিজ্যৰ ক্ষেত্ৰতো বিকাশ হৈছে। ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন চাৰে ৭ লাখ কোটি টকালৈ বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। একেখন সংবাদমেলতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক মন্ত্রীসভাৰ সিদ্ধান্ত অনুসৰি ডিব্ৰুগড় বিমানবন্দৰ ভূপেন হাজৰিকাৰ নামত উৎসর্গিত হ’ব বুলি প্ৰকাশ কৰে। অসমৰ চাহ উদ্যোগে ২০০ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে প্রায় ৭ লাখ চাহ বাগিচাৰ কৰ্মচাৰীক এককালীনভাৱে ৫ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্রীসভাব সিদ্ধান্ত অনুসৰি চৰকাৰী কৰ্মচাৰীৰ বাবে আপোন ঘৰ, আপোন বাহন আঁচনি দুখনৰ সুবিধা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সর্বশিক্ষা অভিযান, শক্তি বিভাগৰ তিনিওটা প্রতিষ্ঠান আৰু লাভজনক নিগম-নিকায়ৰ কৰ্মচাৰীসকলেও লাভ কৰিব। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনতো মন্ত্রীসভাই অনুমোদন জনায়। এই আঁচনিৰ বাবে পহিলা জুনৰ পৰা আবেদন কৰিব পাৰিব। আঁচনিখনৰ সুবিধা অনুসৰি ২০২৪-২৫ বৰ্ষত স্নাতক ডিগ্রী লাভ কৰা শিক্ষাৰ্থীসকলে ২,৫০০ টকাকৈ লাভ কৰিব। অৱশ্যে ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষার্থীয়ে এই সুবিধা লাভ নকৰে। বিশ্ববিদ্যালয়ৰ গৱেষক, ছাত্র-ছাত্রীসকলকো চৰকাৰে এই আঁচনিৰ অধীনত ২০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়াব। দিব্যাংগ গৱেষক ছাত্র-ছাত্রীসকলক ৪০ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব। বৰাক উপত্যকাৰ শিলচৰত প্ৰথমটো চি এন জি আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই চি এন জি ষ্টেচনৰ সুবিধা হাইলাকান্দি আৰু শ্ৰীভূমি জিলাকো প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে।