শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ’ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড° দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।