January 17, 2026 1:08 PM

views 35

শিল্পী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অর্থাৎ‍ শিল্পী দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। নিশা ৮ বাজি ২ মিনিটৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ফেচবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাৱে প্ৰচাৰিত হ'ব। অনুষ...

December 18, 2025 12:26 PM

views 32

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড° দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

December 4, 2025 8:54 PM

views 28

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্রাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্রিয়া বৰাই অংশ ল'ব। অনুষ্ঠানত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

November 30, 2025 11:53 AM

views 33

সেনা বাহিনীৰ বাবে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰা বিশেষ অনুষ্ঠানত অংশ লোৱা তিনিগৰাকী জনপ্রিয় ঘোষকৰ অনুভৱ আৰু অভিজ্ঞতাৰে দৃষ্টিপাত অনুষ্ঠান

দেশৰ সুৰক্ষাৰ সেৱাত নিয়োজিত সেনা বাহিনীৰ বাবে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰা বিশেষ অনুষ্ঠানত অংশ লোৱা তিনিগৰাকী জনপ্রিয় ঘোষকৰ অনুভৱ আৰু অভিজ্ঞতাৰে কালি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত অংশ লৈ প্রাক্তন ঘোষিকা তথা অনুষ্ঠান প্রস্তুতকর্তা তাপসী সেনগুপ্ত, সাধনা ফুকন আৰু দিবাকৰ গোস্বামীয়ে অনুষ্ঠান পৰিৱেশনৰ সময়ত লাভ কৰা অম্ল মধুৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানৰ আন এগৰাকী জনপ্রিয় ঘোষিকা প্রয়াত বিমলেশ আর্যকো অনুষ্ঠানত সোঁৱৰণ কৰা হয়। অনুষ্ঠানত বর্তমান কলকতাস্থিত তাপসী সেনগুপ্তই টেলিফোন...

November 6, 2025 10:45 AM

views 42

শনিবাৰে আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

■ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওঁলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি। এনে কেইগৰাকীমান প্রাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থনেৰে মুখৰিত হ'ব অহা শনিবাৰ ৮ নৱেম্বৰৰ নিশা আকাশবাণীৰ ষ্টুডিঅ'ত সেইদিনা...

October 17, 2025 12:08 PM

views 72

যাত্ৰীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ শনিবাৰে দৃষ্টিপাত অনুষ্ঠান

অসমত ৰে'ল সেৱা বিশেষকৈ যাত্ৰীবাহী ৰেল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰে’লযাত্রী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল সেৱাৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকু...