ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশত ক্ৰীড়াৰ বিকাশ আৰু বিস্তাৰ ঘটোৱা ক্রীড়াবিদসকলৰ কল্যাণৰ বাবে আঁচনি গ্ৰহণ আৰু সু-শাসনৰ নীতিৰ অধীনত ক্রীড়া নীতিৰ নীতিগত সংশোধন ঘটাবলৈ বিচৰা হৈছে। বিধেয়কখন উত্থাপন কৰি ক্ৰীড়ামন্ত্রী মন্দাভিয়াই কয়, যে এই বিধেয়কখনত অলিম্পিক আৰু আন ক্রীড়া সমাৰোহত নিহিত থকা নীতিগত প্ৰমূল্য আৰু খেলুৱৈসুলভ মনোভাৱ অন্তৰ্ভুক্ত কৰাৰ লগতে পেৰা অলিম্পিক আৰু আন্তৰ্জাতিক ক্ষেত্ৰৰ আদৰ্শনীয় নিয়মাৱলী আৰু আইনগত দিশসমূহ কাৰ্যকৰী কৰাৰ দিহা কৰা হৈছে। তেওঁ লগতে কয়, যে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালনা বিধেয়ক গৃহীত হ’লে ক্রীড়া সম্পৰ্কীয় ওজৰ-আপত্তিসমূহ একত্রিত, সকলোৰে গ্ৰহণযোগ্য আৰু কাৰ্যকৰী ৰূপত নিষ্পত্তি কৰিব পৰা যাব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।