বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী কীৰ্তি বর্ধন সিঙে কয়, যে ভাৰত মহাসাগৰীয় খণ্ডৰ দেশসমূহৰ সৈতে ভাৰতৰ শক্তিশালী ৰাজনৈতিক সম্পর্ক আছে আৰু এই দেশসমূহৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সম্পর্কও বৃদ্ধি পাইছে। তেওঁ কয়, যে এই দেশসমূহৰ সৈতে উন্নয়নমূলক প্রকল্প আৰু আন্তঃগাঁথনিমূলক সহযোগিতা বৃদ্ধি পোৱাৰ লগতে সকলো খণ্ডতে ব্যাপক সহযোগিতা গঢ়ি উঠিছে। লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰত শ্রীসিঙে উল্লেখ কৰে যে চৰকাৰে ভাৰত মহাসাগৰীয় খণ্ডত ভাৰতৰ সুৰক্ষা আৰু অৰ্থনৈতিক দিশক প্রভাৱিত কৰিব পৰা সকলো বিষয় তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰি আছে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে শ্রীলংকা, মালদ্বীপ আৰু মৰিছাছৰ দৰে দেশসমূহে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু মহাসাগৰ দৰ্শনত গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে বুলি উল্লেখ কৰে।
Site Admin | August 2, 2025 12:39 PM | kirti vardhan singh
লোকসভাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী কীৰ্তি বর্ধন সিঙৰ প্ৰশ্নোত্তৰ
