August 22, 2025 11:28 AM

views 27

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ সম্পৰ্কীয় বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ নিৰীক্ষণত আছেঃ বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিং

কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ সম্পৰ্কীয় বিষয়টো নিৰীক্ষণ কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ মাজত হোৱা শেহতীয়া বৈঠকতো বিষয়টো উত্থাপন কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী কীৰ্তি বৰ্ধন সিঙে কালি সংসদত এই কথা প্ৰকাশ কৰে। চীনে তিব্বতৰ চাংপো নদীৰ নামনিভাগত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা বুলি ওলোৱা বাতৰি সন্দৰ্ভত ৰাজ্যসভাত সোধা এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে চীনৰ বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিষয়টো ১৯৮৬ চনতে প্ৰথমবাৰৰ বাবে...

August 2, 2025 12:39 PM

views 25

লোকসভাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী কীৰ্তি বর্ধন সিঙৰ প্ৰশ্নোত্তৰ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী কীৰ্তি বর্ধন সিঙে কয়, যে ভাৰত মহাসাগৰীয় খণ্ডৰ দেশসমূহৰ সৈতে ভাৰতৰ শক্তিশালী ৰাজনৈতিক সম্পর্ক আছে আৰু এই দেশসমূহৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সম্পর্কও বৃদ্ধি পাইছে। তেওঁ কয়, যে এই দেশসমূহৰ সৈতে উন্নয়নমূলক প্রকল্প আৰু আন্তঃগাঁথনিমূলক সহযোগিতা বৃদ্ধি পোৱাৰ লগতে সকলো খণ্ডতে ব্যাপক সহযোগিতা গঢ়ি উঠিছে। লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰত শ্রীসিঙে উল্লেখ কৰে যে চৰকাৰে ভাৰত মহাসাগৰীয় খণ্ডত ভাৰতৰ সুৰক্ষা আৰু অৰ্থনৈতিক দিশক প্রভাৱিত কৰিব পৰা সকলো বিষয় তীক্ষ্ণভাৱ...

December 19, 2024 8:39 PM

views 41

বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘূৰ বাসগৃহ আদিকে ধৰি বিভিন্ন ধর্মীয় স্থানৰ হিংসাত্মক ঘটনাৰ গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে

বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘূ লোকৰ বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান, মন্দিৰ আদিকে ধৰি বিভিন্ন ধর্মীয় স্থানত চলোৱা হিংসাত্মক ঘটনাৰ ভালেমান গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে। ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী কীৰ্তি বর্ধন সিঙে জানিবলৈ দিয়ে যে চৰকাৰে এই ঘটনাক গভীৰভাৱে লৈছে আৰু ভাৰতৰ এই উদ্বিগ্নতাৰ কথা বাংলাদেশক চৰকাৰীভাৱে জনোৱা হৈছে। শ্রী সিঙে কয়, যে বাংলাদেশ চৰকাৰৰ তথ্য অনুসৰি দেশখনত সংখ্যালঘু লোক আৰু তেওঁলোকৰ সম্পত্তিৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা সন্দৰ...