লোকসভাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক আচৰণৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াকে ধৰি ১৭ জন সাংসদক কালি সংসদ ৰত্ন ২০২৫ সন্মান প্ৰদান কৰা হয়। এই সন্মান লাভ কৰা শইকীয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাংসদ হিচাপে পৰিগণিত হৈছে। বঁটা লাভ কৰা আন সাংসদসকলৰ ভিতৰত বিজেপিৰ ৰবি কিষাণ, নিশিকান্ত ডুবে, ড০ মেধা বিশ্রাম কুলকার্নি, শিৱসেনাৰ অৰবিন্দ ছামন্ত, কংগ্ৰেছৰ অধ্যাপক গাইকোৱাৰ্ড বর্ষা একনাথ আৰু ডি এম কেৰ চি এন আন্নডুৰাইয়ো আছে। একেৰাহে তিনিটা কার্যকাল সংসদীয় গণতন্ত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে কেইগৰাকীমান সাংসদলৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে। নতুন দিল্লীৰ মহাৰাষ্ট্ৰ সদনত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সাংসদসকলক এই বঁটা প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে সাংসদসকলৰ দায়িত্ব সন্দৰ্ভত নিজৰ ভাষণত এইদৰে আলোকপাত কৰে।
উল্লেখযোগ্য যে ২০১০ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে চেন্নাইত আয়োজিত এই বঁটা প্রদান অনুষ্ঠান উদ্বোধন কৰিছিল।
Site Admin | July 27, 2025 10:26 AM | Sansad Ratna Award
লোকসভাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক আচৰণৰ বাবে সাংসদ দিলীপ শইকীয়াকে ধৰি ১৭ জন সাংসদক সংসদ ৰত্ন ২০২৫ সন্মান প্ৰদান
