ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা

লোকসভাত আজি পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ শক্তিশালী, সফল আৰু নির্ণায়ক অভিযান – অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। এই আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে অপাৰেচন সিন্দূৰ কেৱল এটা সামৰিক অভিযানেই নাছিল, বৰং ই হৈছে ভাৰতৰ সাৰ্বভৌমত্ব, পৰিচয় তথা জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়িত্ব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতিৰ ফলপ্ৰসূ আৰু নিৰ্ণায়ক প্ৰদর্শন। শ্রীসিঙে কয়, যে জম্মু-কাশ্মীৰৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই আৰম্ভ কৰা অপাৰেচন সিন্দূৰ দেশৰ সশস্ত্র বাহিনীসমূহৰ দ্বাৰা এটা সুংসহত আক্ৰমণ আছিল আৰু এই আক্রমণে ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। এই অভিযানত ১০০ৰো অধিক সন্ত্রাসবাদী, সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণৰ সৈতে জড়িত লোক নিহত হয় আৰু এইসমূহৰ অধিকাংশই জইছ-এ-মহম্মদ, লস্কৰ-ই-তৈয়বা আৰু হিজবুল মুজাহিদিন সন্ত্রাসবাদী সংগঠনৰ সৈতে জড়িত আছিল।
পেহেলগাম সন্ত্রাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ পৰিয়ালক ন্যায় প্ৰদানৰ উদ্দেশ্যৰেই অপাৰেচন সিন্দুৰ অভিযান চলোৱা হৈছিল বুলি শ্রীসিঙে মন্তব্য কৰে। তেওঁ কয়, যে সন্ত্ৰাসবাদীৰ শিৱিৰসমূহ ধ্বংস কৰাৰ লগতে পাকিস্তানলৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূণ্য সহনশীলতাৰ স্পষ্ট বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে। দেশৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, ড্ৰ’ণ প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে গর্ববোধ কৰে ৷
আলোচনাত ভাগ লৈ লোকসভাৰ কংগ্ৰেছ দলৰ দলপতি গৌৰৱ গগৈয়ে অভিযোগ কৰি কয়, যে বিৰোধী পক্ষই অপাৰেচন সিন্দূৰ সন্দৰ্ভত সদনত বিশেষ আলোচনাৰ বাবে দাবী জনাইছিল, কিন্তু চৰকাৰে অপাৰেচন সিন্দূৰৰ মূল বিষয়বোৰ আওকাণ কৰিছে। তেওঁ কয়, যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে বহুসময় বক্তৃতা দিলে, কিন্তু সন্ত্রাসবাদীয়ে কেনেকৈ পেহেলগামত প্ৰৱেশ কৰিলে আৰু কেনেকৈ ২৬ জনকৈ নিৰপৰাধী লোকক হত্যা কৰিবলৈ পালে, সেই প্ৰশ্নৰ উত্তৰ এৰাই চলিলে। অপাৰেচন সিন্দুৰ সন্দৰ্ভত সকলো তথ্য চৰকাৰে প্ৰকাশ কৰা নাই বুলিও শ্ৰীগগৈয়ে অভিযোগ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।