লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন

■ ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ২০২২ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্রশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। কালি ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে চলিত বছৰৰ বাবে ৬৯ গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা বঁটাসমূহ ঘোষণা কৰে। আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হব। কালি কৰা ঘোষণা অনুসৰি ৰাজ্যিক পৰ্যায়ত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ দলপতি অংকুৰ নাৰায়ণ দাস, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মাল্টি টাস্কিং ষ্টাফ বীৰ বাহাদুৰ ৰায়, ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক চিন্ময় বৰা, বিত্ত বিভাগৰ সহকাৰী শাখা বিষয়া দ্বীপজ্যোতি বনিয়াকে ধৰি ১০ গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা বঁটা আগবঢ়োৱা হৈছে। একেদৰে বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী বীৰেন্দ্ৰ নাথ দাস, বজালী জিলা আয়ুক্ত কাৰ্যালয়ৰ কনিষ্ঠ প্রশাসনিক সহায়ক অবিনাশ গোস্বামী, কাছাৰৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক হেমাংগ বড়োকে ধৰি ৫৯ গৰাকী কৰ্মচাৰীলৈ জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আগবঢ়োৱা হৈছে।
ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলা প্ৰশাসনেও আজি গোৱালপাৰাৰ নটসূৰ্য ফণী শৰ্মা ভৱনত এই উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰিব। অনুষ্ঠানত জলসম্পদ মন্ত্রী পীযুষ হাজৰিকা উপস্থিত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।