নগাঁও জিলা প্রশাসনে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা দখলীকৃত মাটিত উচ্ছেদৰ প্ৰস্তুতি চলাইছে। কাইলৈ পুৱা ৭ বজাৰ পৰা বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱা হ’ব বুলি জিলা প্রশাসনে সদৰী কৰিছে। ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে অস্থায়ী আৰক্ষী শিৱিৰ স্থাপন কৰা হৈছে। বন বিভাগৰ সূত্ৰই জনোৱা অনুযায়ী বনাঞ্চলখনৰ ৫ হাজাৰ ৯৬২ বিঘা মাটিত এহেজাৰ ৭০০টা পৰিয়ালে অবৈধভাৱে বাস কৰি আছে। অঞ্চলটোত উচ্ছেদৰ বাবে ইযাৰ পূৰ্বে প্ৰশাসনে নির্দিষ্ট সময় বান্ধি দিছিল যদিও শস্য চপোৱাৰ বাবে অতিৰিক্ত সময় নিৰ্ধাৰণ কৰি দিয়া হয়। দখলকাৰীসকলৰ একাংশই ইতিমধ্যেই দখলীকৃত ভূমিৰ পৰা আঁতৰি গৈছে।
ৰাজ্যৰ বনাঞ্চলত ১৪ হাজাৰ ১২৫ হেক্টৰ ভূমি ইতিমধ্যে দখলমুক্ত কৰা হৈছে বুলি বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কালি বিধানসভাত উল্লেখ কৰে। বিধায়ক শিৱামণি বৰাৰ প্ৰশ্নৰ উত্তৰত এই দখলমুক্ত ভূমি কোনো কোম্পানীক দিয়া হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।