January 3, 2026 1:55 PM

views 13

হোজাইৰ যমুনা-মৌদংগাত প্ৰায় ৬০০০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ দ্বিতীয় দিনাও অব্যাহত

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ আজি দ্বিতীয় দিনাও অব্যাহত আছে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা এহেজাৰ ২৫০ টা পৰিয়ালৰ ভিতৰত এহেজাৰ ৯৮টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত এহেজাৰ ২০০ৰো অধিক দখলকাৰীলে জাননী প্ৰেৰণ কৰিছিল। ইয়াৰে ১৫০ টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমি উচ্ছেদ স্থগিত ৰখা হৈ...

November 28, 2025 12:36 PM

views 28

লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬০০০ বিঘা দখলীকৃত মাটিত উচ্ছেদৰ প্ৰস্তুতি

নগাঁও জিলা প্রশাসনে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা দখলীকৃত মাটিত উচ্ছেদৰ প্ৰস্তুতি চলাইছে। কাইলৈ পুৱা ৭ বজাৰ পৰা বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি জিলা প্রশাসনে সদৰী কৰিছে। ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে অস্থায়ী আৰক্ষী শিৱিৰ স্থাপন কৰা হৈছে। বন বিভাগৰ সূত্ৰই জনোৱা অনুযায়ী বনাঞ্চলখনৰ ৫ হাজাৰ ৯৬২ বিঘা মাটিত এহেজাৰ ৭০০টা পৰিয়ালে অবৈধভাৱে বাস কৰি আছে। অঞ্চলটোত উচ্ছেদৰ বাবে ইযাৰ পূৰ্বে প্ৰশাসনে নির্দিষ্ট সময় বান্ধি দিছিল যদিও শস্য চপোৱাৰ বাবে অতিৰিক্ত...

August 5, 2025 10:50 AM

views 22

উৰিয়ামঘাটত নগাৰ আগ্ৰাসন হোৱা নাই: মুখ্যমন্ত্ৰী

● উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পাছত ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ১২ হেজাৰ হেক্টৰ ভূমি দখলমুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। উৰিয়ামঘাটত নগা লোকৰ আগ্ৰাসন হোৱা নাই বুলি স্পষ্ট কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জাতীয় জীৱনৰ বৃহত্তৰ স্বাৰ্থত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয়, যে উৰিয়ামঘাটৰ স্থান তেওঁ নিজে প্ৰত্যক্ষ কৰি আহিছে আৰু সেই স্থানত নগাৰ আগ্ৰাসন হোৱা কথাটো সম্পূৰ্ণ মিছা। ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাত...

August 3, 2025 10:59 AM

views 31

ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে আপোচ বিহীনভাৱে অভিযান চলাই যাব: মুখ্যমন্ত্রী

● ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে আপোচ বিহীনভাৱে অভিযান চলাই যাব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি ওদালগুৰিত বিজয় সংকল্প সমাৱেশত অংশ লৈ ওভতি অহাৰ পথত দৰং জিলা বিজেপিৰ মঙলদৈস্থিত কাৰ্যালয়ত এখন দলীয় সভাত অংশ লোৱাৰ পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ ২৯ লাখ বিঘা ভূমি দখলকাৰীৰ কবলত আছে আৰু এই ভূমি দখলমুক্ত কৰাৰ বাবে চৰকাৰে অভিযান চলাই যাব। এইক্ষেত্ৰত স্থানীয় ৰাইজক সজাগ হৈ থকাৰ বাবে মুখ্যমন্ত্ৰীয়ে...

July 23, 2025 6:41 PM

views 7

পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে শিলচৰ পৌৰ নিগমৰ উচ্ছেদ অভিযান

শিলচৰ পৌৰ নিগমে আজি শিলচৰ নগৰৰ পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। পৌৰ নিগমৰ এটা বৃহৎ দলে আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ সহযোগত নগৰখনৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলায়। পদপথত দখল কৰি থকা অস্থায়ী দোকানসমূহ ভাঙি সামগ্ৰীসমূহ আঁতৰাই পেলোৱা হয়।

December 13, 2024 8:54 PM

views 23

বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ গোৱালপাৰা জিলা প্ৰশাসনৰ

গোৱালপাৰা জিলা প্ৰশাসনে আজি বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ কৰে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে, এই পৰিয়ালসমূহক প্রশাসনে কেইবাবাৰো আঁতৰি যাবলৈ জাননী দিছিল যদিও, তেওঁলোক আঁতৰি নোযোৱাত প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰিবলৈ বাধ্য হয়। গোৱালপাৰা জিলাৰ অতিৰিক্ত আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বালিজান ৰাজহচক্ৰ বিষয়া কেইগৰাকীৰ তত্বাৱধানত চলা এই উচ্ছেদ অভিযান কালত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

September 18, 2024 7:52 PM

views 43

সোণাপুৰৰ অবৈধ দখল উচ্ছেদ কৰা কাৰ্যক প্ৰশংসা বি টি আৰৰ জনজাতীয় সংগঠনৰ

বি টি আৰৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয় সমিতিয়ে ৰাজ্য চৰকাৰে সোণাপুৰৰ জনজাতীয় খণ্ড আৰু বেষ্টনীত অবৈধ দখল উচ্ছেদ কৰা কাৰ্যক প্ৰশংসা কৰিছে। সমিতিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক এই পদক্ষেপ গ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আজি কোকৰাঝাৰত এখন সংবাদমেল সম্বোধন কৰি সমিতিৰ সভাপতি নিৰঞ্জন ব্ৰহ্ম আৰু সাধাৰণ সম্পাদক গজেন নাৰ্জাৰীয়ে কয় যে জনজাতি অধ্যুষিত এলেকাসমূহ অবৈধ অনুপ্ৰৱেশকাৰীৰ ৰম্যভূমি হিচাপে পৰিগণিত হৈছে। তেওঁলোকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সময়োপযোগী পদক্ষেপক প্রশংসা কৰি ভৱিষ্যতেও এনেধৰণৰ শক্তি...

September 14, 2024 10:47 AM

views 30

সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান অসম সত্ৰ মহাসভাৰ

■ অসম সত্ৰ মহাসভাই সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে। সোণাপুৰত জনজাতি বেল্টৰ ভূমি দখলমুক্ত কৰাৰ অভিযানৰ দৰে অসমৰ সত্ৰসমূহৰ মাটিও দখলমুক্ত কৰাৰ বাবে সত্র মহাসভাই আহ্বান জনাইছে। অসম সত্র মহাসভাই সোণাপুৰত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানক আদৰণি জনাই প্ৰকাশ কৰিছে যে অসমত থকা সত্ৰসমূহৰ মাটিত ব্যাপক বেদখল হৈছে। সত্ৰ মহাসভাই প্ৰকাশ কৰা অনুসৰি মধ্য আৰু নামনি অসমত সত্ৰৰ ১০ হাজাৰ বিঘাতকৈও অধিক ভূমি বেদখল হৈছে। ২০১৬ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত পাঁচখন সত্ৰৰ ভূমি বেদখলকাৰীৰ কবল...