ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লাডাখত লাডাখ স্কী এণ্ড স্নোবোর্ড এছ’চিয়েছনৰ দলসহ পৰ্যটন বিভাগৰ সহকাৰী সঞ্চালক ৰেহমতুল্লাৰ স্কী-ঢাল পৰিদৰ্শন

লাডাখত শীতকালীন পর্যটন আৰু ক্ৰীড়াৰ প্ৰসাৰৰ দিশত এটা পদক্ষেপ হিচাপে জ্যেষ্ঠ স্কী প্রশিক্ষক চৈয়দ চামচুদ্দিনৰ নেতৃত্বত লাডাখ স্কী এণ্ড স্নোবোর্ড এছ’চিয়েছনৰ দলটোৱে পৰ্যটন বিভাগৰ সহকাৰী সঞ্চালক ৰেহমতুল্লাৰ সৈতে নামছুৰুত স্কী-ঢাল পৰিদৰ্শন কৰে। দলটোৱে এই ঢালটোক স্কী কাৰ্যকলাপৰ বাবে উপযোগী বুলি বিবেচনা কৰে। পৰিদৰ্শনৰ সময়ত উপস্থিত থকা স্থানীয় গাঁৱৰ লোকসকলে অঞ্চলটোৰ বৰফৰ পৰিস্থিতিৰ বিষয়ে তেওঁলোকৰ মতামত ব্যক্ত কৰি কয়, যে বছৰি গঢ়ে ২ৰ পৰা ৩ ফুট পর্যন্ত বৰফ পৰি অঞ্চলটো শীতকালীন ক্রীড়াৰ বাবে আদৰ্শ স্থান হৈ পৰে ।কাউন্সিলাৰ আগা আইনুল হুদাই এই পদক্ষেপক সম্পূর্ণ সমৰ্থন কৰাৰ আশ্বাস দি স্থানীয় যুৱক-যুৱতীসকলৰ বাবে স্কী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ কয়, যে এনে প্ৰচেষ্টাৰ মূল লক্ষ্য হৈছে, স্থানীয় যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগৰ সৃষ্টি কৰা আৰু শীতকালীন পর্যটন কেন্দ্ৰ হিচাপে অঞ্চলটোৰ সম্ভাৱনা বৃদ্ধি কৰা।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।