লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজিৰে পৰা ২০২৫ বৰ্ষৰ তৃতীয়টো গ্ৰেণ্ডশ্লেম উইম্বলডন টেনিছ প্রতিযোগিতা আৰম্ভ

লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজিৰে পৰা চলিত বৰ্ষৰ তৃতীয়টো গ্ৰেণ্ডশ্লেম উইম্বলডন টেনিছ প্রতিযোগিতা আৰম্ভ হৈছে। এইবাৰৰ প্ৰতিযোগিতাত পুৰুষৰ ছিংগলচ্ শাখাত চলিত বৰ্ষৰ ফ্ৰেন্স অ’পেন খিতাপ অৰ্জন কৰা কাৰ্লছ আলকাৰাজ, বিশ্বৰ শীৰ্ষস্থানৰ জানিক ছিনাৰ আৰু ২৪ বাৰ গ্ৰেণ্ডশেম খিতাপ অৰ্জন কৰা ন’ভাক জ’ক’ভিচ অন্যতম তাৰকা খেলুৱৈ । আলকাৰাজ নিজৰ প্ৰথম ৰাউণ্ডৰ খেলত ফেবিঅ’ ফগনিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। প্ৰথম ৰাউণ্ডৰ আন এখন খেলত ফ্ৰান্সৰ বেঞ্জামীন বনজিয়ে প্রতিযোগিতাৰ নৱম বাচনিপ্রাপ্ত তাৰকা খেলুৱৈ ডানিল মেদৱেদেৱক ৭-৬, ৩-৬, ৭-৬, ৬-২ ছেটত পৰাস্ত কৰে। মহিলাৰ ছিংগলছ্ শাখাত এইবাৰৰ ফ্ৰেন্স অপেন ছেম্পিয়ন কোকো গফ, শীৰ্ষ বাচনিৰ খেলুৱৈ অৰিণা চাবালেংকা, জেছমীন পাওলিনি, মেডিচন কিজ, নাওমি ওচাকা, এমা ৰাদুকানুৱে শক্তিশালী প্রতিদ্বন্দীৰূপে অৱতীৰ্ণ হ’ব। পুৰুষৰ দ্বৈত শাখাত ভাৰতৰ চাৰিগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ৰোহণ বাপান্নাই তেওঁৰ বেলজিয়ামৰ সংগী ছেন্দাৰ গীলেৰ সৈতে আৰু য়ুকী ভান্ত্ৰি আমেৰিকাৰ ৰবাৰ্ট গেল’ৱেৰ সৈতে প্ৰতিযোগিতাত ভাগ ল’ব। ভাৰতৰ ঋত্বিক বল্লিপালিয়ে ৰোমানিয়াৰ নিকোলাছ বেৰিয়েণ্টছ আৰু এন শ্ৰীৰাম বালাজীয়ে মেক্সিক’ৰ মিগুৱেল ৰেয়েছ ৱৰেলাৰ সৈতে অংশ ল’ব। এই প্রতিযোগিতা ১৩ জুলাইত পুৰুষৰ একক শাখাৰ চূড়ান্ত প্রতিযোগিতাৰে সামৰণি পৰিব।