মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লখিমপুৰ জিলাত ২৯৮ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ ঢকুৱাখনা বিধানসভা সমষ্টিত আয়োজিত জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰিব। দিনৰ ১ বজাত ঘিলামৰা ব্লক ফিল্ডত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রীয়ে আত্মসহায়ক গোটৰ ৩৬ হাজাৰ ৫০ গৰাকী মহিলাক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰিব। এই অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেণ্ড, পীযুষ হাজৰিকা, লখিমপুৰৰ সাংসদ প্রদান বৰুৱা আৰু ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে উপস্থিত থকাৰ কথা। মুখ্যমন্ত্রীয়ে বিয়লি ঢকুৱাখনাৰ মাতমৰাত আয়োজিত এটা অনুষ্ঠানত ১৪৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া জলবায়ু স্থিতিস্থাপক ব্রহ্মপুত্র সংহত বান আৰু খহনীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বামুণী চাপৰিৰ পৰা টেকেলিফুটালৈ এই প্রকল্প নিৰ্মাণ কৰা হ’ব। তেওঁ ২০ কোটি টকা ব্যয়েৰে নির্মাণ হ’বলগীয়া ফাটবিহু ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ উন্নয়ন প্রকল্পৰো আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্রীয়ে ১৫ কোটি টকা ব্যয়সাপেক্ষ বাসুদের থান নৰোৱা সত্ৰৰ বিকাশৰ প্ৰথম পর্যায় আৰু ৯০ কোটি টকা ব্যয়সাপেক্ষে ঢকুৱাখনাৰ মহকুমা অসামৰিক চিকিৎসালয়ক ২০০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ আৰু আবাসিক গৃহ নির্মাণৰো আধাৰশিলা স্থাপন কৰিব। নিশা ৮ বজাত মুখ্যমন্ত্রীয়ে ২৫ কোটি টকা ব্যয়েৰে লখিমপুৰত নির্মিত ৮৯০ খন আসনযুক্ত ড° ভূপেন হাজৰিকা টাউন হল নামৰ অত্যাধুনিক প্রেক্ষাগৃহ উদ্বোধন কৰিব।
Site Admin | January 7, 2026 1:14 PM | Assam CM
লখিমপুৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন