মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বেবেজীয়াৰ কমাৰ্টুপ, অঞ্চলত ২৬ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন কৰে। ১৬ বিঘাৰো অধিক ভূমি সামৰি এই ৰান্ধনিঘৰটো নিৰ্মাণ কৰা হ’ব। চলিত বছৰৰ ছেপ্তেম্বৰৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্যস সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে কালি ডিব্ৰুগড়ত এনে এটা সমূহীয়া ৰান্ধনী ঘৰ মুকলি কৰে। ড° শৰ্মাই ৬৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ উত্তৰ লখিমপুৰ নগৰৰ পানীযোগান আঁচনি আৰু উত্তৰ লখিমপুৰ ইক’ পাৰ্কৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিৰ অধীনত ৮ দশমিক ৭ ০ মিলিয়ন লিটাৰ বিশুদ্ধ খোৱাপানী দৈনিক যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা অঞ্চলটোৰ ৭ হাজাৰ ১৩ টা পৰিয়াল উপকৃত হ’ব। তেওঁ লগতে বিলুপ্তপ্রায় গছৰ সংগ্ৰহালয় আৰু বাঁহজাতীয় গছৰ ঘন বনাঞ্চলেৰে ১৬ বিঘা ভূমি সামৰি স্থাপন হ’বলগীয়া উত্তৰ লখিমপুৰ ইক’ পাৰ্কৰ আধাৰশিলাও স্থাপন কৰে। এই উদ্যানত সংকটাপন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হ’ব। তদুপৰি মিয়াৱাকি পদ্ধতি ব্যৱহাৰ কৰি স্থানীয় গছৰ প্ৰজাতিৰ ঘন বনাঞ্চল গঢ়ি তোলা হ’ব। এই উদ্যানত বিভিন্ন ধৰণৰ ফলমূলৰ গছ আৰু মচলাজাতীয় উদ্ভিদ থাকিব। তদুপৰি নিম, তুলসীকে ধৰি বিভিন্ন স্থানীয় ঔষধী গছ ৰোপণ কৰা হ’ব উদ্যানখনত সামাজিক সমাৱেশ, সভা আৰু বিনোদনমূলক কার্যকলাপৰো ব্যৱস্থা থাকিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। আজি দিনৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে ৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা লখিমপুৰ জিলা পৰিষদৰ নতুন কাৰ্যালয় ভৱন উদ্বোধন কৰে। তেওঁ জিলাখনত ৰাষ্ট্ৰীয় গকুল মিছনৰ অধীনত চাৰে চাৰি কোটি টকা ব্যয়েৰে নিৰ্মিত বৃত্তিমূলক প্রশিক্ষণ প্রতিষ্ঠান, ইন্দোৰ ষ্টেডিয়াম, ব্যায়ামাগাৰ আৰু কেণ্টিনগৃহ তথা অতিথিশালাও উদ্বোধন কৰে। জিলাখনত মুখ্যমন্ত্ৰীয়ে সৰ্বমুঠ ১১০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই কাৰ্যসূচীত মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | June 16, 2025 7:38 PM | CM at Lakhimpur
লখিমপুৰত কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপন, উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ
