June 16, 2025 7:38 PM
11
লখিমপুৰত কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপন, উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বেবেজীয়াৰ কমাৰ্টুপ, অঞ্চলত ২৬ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন কৰে। ১৬ বিঘাৰো অধিক ভূমি সামৰি এই ৰান্ধনিঘৰটো নিৰ্মাণ কৰা হ'ব। চলিত বছৰৰ ছেপ্তেম্বৰৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্যস সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে কালি ডিব্ৰুগড়ত এনে এটা সমূহীয়া ৰান্ধনী ঘৰ মুকলি কৰে। ড° শৰ্মাই ৬...