যোৱা ১ জানুৱাৰীৰ পৰা ৫দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ষোড়শ চানডুবি উৎসৱ

যোৱা ১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ষোড়শ চানডুবি উৎসৱত জনগোষ্ঠীয় লোকনৃত্য,পৰম্পৰাগত খাদ্য সম্ভাৰ, সাজপাৰ আৰু খেল-ধেমালিৰে মুখৰ হৈ পৰিছে। আমাৰ কামৰূপ জিলাৰ সংবাদদাতাই জনোৱা মতে উৎসৱ থলীত থলুৱা শিল্পীয়ে নিৰ্মাণ কৰা বাৰেৰহণীয়া শিল্পকৰ্ম আৰু লোকনৃত্য উপভোগ কৰিবলৈ প্ৰতিদিনে ভালেসংখ্যক লোকে ভিৰ কৰিছে। অসম-মেঘালয় সীমান্তৰ চানডুবি বিলৰপাৰত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু চানডুবি উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা এই উৎসৱৰ জৰিয়তে চানডুবি বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়াস কৰি অহা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।