January 3, 2026 7:04 PM

views 10

যোৱা ১ জানুৱাৰীৰ পৰা ৫দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ষোড়শ চানডুবি উৎসৱ

যোৱা ১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ষোড়শ চানডুবি উৎসৱত জনগোষ্ঠীয় লোকনৃত্য,পৰম্পৰাগত খাদ্য সম্ভাৰ, সাজপাৰ আৰু খেল-ধেমালিৰে মুখৰ হৈ পৰিছে। আমাৰ কামৰূপ জিলাৰ সংবাদদাতাই জনোৱা মতে উৎসৱ থলীত থলুৱা শিল্পীয়ে নিৰ্মাণ কৰা বাৰেৰহণীয়া শিল্পকৰ্ম আৰু লোকনৃত্য উপভোগ কৰিবলৈ প্ৰতিদিনে ভালেসংখ্যক লোকে ভিৰ কৰিছে। অসম-মেঘালয় সীমান্তৰ চানডুবি বিলৰপাৰত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু চানডুবি উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা এই উৎসৱৰ জৰিয়তে চানডুবি বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰ...

January 5, 2025 7:05 PM

views 16

পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চানডুবি উৎসৱৰ সামৰণি

পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কামৰূপ জিলাৰ চানডুবি উৎসৱৰ আজি সামৰণি পৰিছে। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু বিয়লি সমূহীয়া জুইৰে আজি চানডুবি মেলাৰ সামৰণি পৰে। আজি অন্তিম দিনাও মেলাথলীত বহু লোকৰ সমাগম হয। উল্লেখযোগ্য যে, বিগত ১৫ বছৰে চানডুবিৰ জৈৱ বৈচিত্র্য তথা ইয়াৰ দাঁতিকাষৰীয়া জনগোষ্ঠীয় লোকসকলৰ কৃষ্টি-সংস্কৃতিৰ ৰক্ষা আৰু সংৰক্ষণৰ বাবে চানডুবি উৎসৱৰ আয়োজন কৰি অহা হৈছে। চানডুবি বিল আৰু কাষৰীয়া অঞ্চলৰ পৰ্যটনৰ সম্ভাৱনা বিকাশৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই উৎসৱৰ আয়োজন কৰা হয়। উৎসৱৰ অংশ হ...