যোৱা বছৰ প্ৰাকৃতিক বিপর্যয়ৰ সন্মুখীন হোৱা বহুকেইখন ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ ১,২৮০ কোটিৰো অধিক টকা অতিৰিক্ত সাহায্যত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ প্ৰাকৃতিক বিপর্যয়ৰ সন্মুখীন হোৱা বিহাৰ, হিমাচল প্ৰদেশ, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবে ১,২৮০ কোটিৰো অধিক টকা অতিৰিক্ত সাহায্যত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি এটা বিবৃতিযোগে কয়, যে চৰকাৰে প্ৰাকৃতিক বিপর্যয়ৰ ঠিক পাছতে ৰাজ্যকেইখনলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ কেন্দ্ৰীয় দল প্ৰেৰণ কৰিছে। মন্ত্ৰালয় লগতে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্যিক দুর্যোগ সহাৰি পুঁজিৰ অধীনত ২৮ খন ৰাজ্যলৈ ২০ হাজাৰ ২৬৪ কোটিৰো অধিক টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুজিৰ পৰা ১৯ খন ৰাজ্যলৈ ৫ হাজাৰ ১৬০ কোটিৰো অধিক টকা মোকলাই দিছে বুলি জানিবলৈ দিছে। ইয়াৰ উপৰি ১৯ খন ৰাজ্যলৈ ৰাজ্যিক দুৰ্যোগ প্রশমন পুঁজিৰ পৰা প্ৰায় ৫ হাজাৰ কোটি আৰু ৮ খন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ প্রশমন পুঁজিৰ পৰা ৭০০ কোটিৰো অধিক টকা মোকলাই দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।