April 5, 2025 9:13 PM

views 36

যোৱা বছৰ প্ৰাকৃতিক বিপর্যয়ৰ সন্মুখীন হোৱা বহুকেইখন ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ ১,২৮০ কোটিৰো অধিক টকা অতিৰিক্ত সাহায্যত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ প্ৰাকৃতিক বিপর্যয়ৰ সন্মুখীন হোৱা বিহাৰ, হিমাচল প্ৰদেশ, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবে ১,২৮০ কোটিৰো অধিক টকা অতিৰিক্ত সাহায্যত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি এটা বিবৃতিযোগে কয়, যে চৰকাৰে প্ৰাকৃতিক বিপর্যয়ৰ ঠিক পাছতে ৰাজ্যকেইখনলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ কেন্দ্ৰীয় দল প্ৰেৰণ কৰিছে। মন্ত্ৰালয় লগতে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্যিক দুর্যোগ সহাৰি পুঁজিৰ অধীনত ২৮ খন ৰাজ্যলৈ ২০ হাজাৰ ২৬৪ কোটিৰো অধিক টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুজিৰ পৰ...

July 6, 2024 8:13 PM

views 37

ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লেমীৰ সৈতে ড০ এছ জয়শংকৰৰ বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লেমীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমযোগে ড০ জয়শংকৰে কয় যে দুয়োপক্ষৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ সম্পৰ্কত দুয়ো আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শ্ৰী লেমীৰ সৈতে আগলৈ ব্যক্তিগত বৈঠকৰ বাবে তেওঁ আগ্রহী।

July 2, 2024 7:47 PM

views 46

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সোমবাৰৰ পৰা দেশত ৩ খন নতুন আইন বলবৎ

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কালিৰে পৰা দেশত তিনিখন নতুন আইন বলবৎ হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীর্ষক এই আইন কেইখনে ন্যায় প্ৰদান আৰু সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াত কেতবোৰ নতুনত্বৰ সঞ্চাৰ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ সূচল কৰি তুলিব বুলি আশা কৰা হৈছে। নতুন আইন অনুসৰি আৰক্ষীয়ে এতিয়া কোনোধৰণৰ স্পষ্টিকৰণ অবিহনে ২৪ ঘণ্টাৰ বাবে সন্দেহজনক অভিযুক্তক আটক কৰিব পাৰে। আনহাতে পলাতক অৱস্থাত থকা অপৰাধীৰ বিৰু...